সংখ্যাগৰিষ্ঠ নহ’লেও পুনৰ কানাডাৰ ক্ষমতা লাভ ট্ৰুডুৰ

Justin Trudeau 2015

পুনৰ কানাডাৰ ক্ষমতা দখল কৰিলে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৰ লিবাৰেল পাৰ্টিয়ে । সদ্য সমাপ্ত নিৰ্বাচনৰ পাছত আজি হোৱা ‌ভোট গণনাত বিপক্ষ কনজাৰভেটিভ পাৰ্টিক পৰাভূত কৰিবলৈ সফল হ’ল লিবাৰেল পাৰ্টি ।

ট্ৰুডুৰ দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও লিবাৰেল পাৰ্টিয়ে পুনৰ কানাডাত চৰকাৰ গঠন কৰাটো নিশ্চিত হ’ল । এই জয়ৰ ফলত তৃতীয়বাৰৰ বাবে কানাডাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিলে ট্ৰুডুৱে ।

নিৰ্বাচনৰ পূৰ্বে চলোৱা একাধিক সমীক্ষাত ট্ৰুডুৰ দলটোৱে পুনৰ ক্ষমতা লাভ কৰাটো কঠিন হ’ব বুলি দাবী কৰা হৈছিল । এনে নিৰ্বাচনী সমীক্ষাক ভুল প্ৰমাণিত কৰি হাউছ অৱ কমন্সত সৰ্বাধিকসংখ্যক আসন লিবাৰেল পাৰ্টিয়ে লাভ কৰিলে । অৱশ্যে ট্ৰুডুৰ দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে । ২০১৫ত ট্ৰুডু প্ৰথমবাৰ কানাডাৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল ।

Exit mobile version