এল্ট’ বাহনসহ শালবাৰীৰ যুৱক নিৰুদ্দেশ

WhatsApp Image 2021 09 23 at 6.25.43 PM

বাগসাৰ শালবাৰীৰ মকবুল হুছেইন নামৰ এজন যুৱক বিগত চাৰিটা দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লোকৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষী থানাত পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে ৷

উল্লেখ্য যে শালবাৰীৰ পাকৃগুৰি গাঁৱৰ ইছমাইল হুছেইনৰ পুত্ৰ মকবুল হুছেইন নামৰ যুৱকজন কৰ্মসূত্ৰে গুৱাহাটীত আছিল ৷ তাৰ মাজতে যোৱা ১৮ ছেপ্টেম্বৰত নিজৰ এএছ ০১ এমচি ৫৩০৫ নম্বৰৰ বগা ৰঙৰ এল্ট’ ৮০০ বাহনখনেৰে বাঁহ কিনিবলৈ বুলি গুৱাহাটীৰ পৰা বাগসাৰ শালবাৰীৰ আনন্দ বজাৰলৈ অহা পথৰ পৰাই নিৰুদ্দেশ হৈ পৰে ৷ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীৰ লগতে স্থানীয় শালবাৰী আৰক্ষী থানাত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও আজি চাৰিটা দিন অতিক্ৰম কৰাৰ পাছতো যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল ৷

কোনো লোকে যুৱকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা নতুবা ৮৬৩৮০২৩০০৪ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷

Exit mobile version