ছ‌ইবৰৰ দুৰ্নীতিৰ সংগী তদানীন্তন উপায়ুক্ত আতিকা পৰিল জালত

PSX 20210923 161222

ক্ষমতাৰ অপব্যৱহাৰ কৰি পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ়া ধৃত এচিএছ বিষয়া, ভূ-মাফিয়া ছ‌ইবৰ ৰহমানক যোৱা ২৪ আগষ্টত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ দুৰ্নীতিৰ সংগী এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিছে । তিনিশ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী হোৱা ধৃত ৰহমান সম্প্ৰতি ন্যায়িক জিম্মাত আছে যদিও এইবাৰ আন এক দুৰ্নীতিৰ অধ্যায় পোহৰলৈ আহিছে ।

উল্লেখ্য যে ধৃত ছ‌ইবৰ ৰহমানে দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহক কৰাৰ সময়ত জিলাখনত উপায়ুক্তৰ দায়িত্বত আছিল সম্প্ৰতি সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত যুটীয়া সূচিবৰূপে কৰ্মৰত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আচিকা চুলতানা । ২০২০ৰ ১০ জুন পৰ্যন্ত জিলাখনৰ উপায়ুক্তৰ দায়িত্বত থকা চুলতানাই সেই সময়ত অতিৰিক্ত উপায়ুক্ত ছ‌ইবৰ ৰহমানৰ লগত যৌথভাৱে এক বৃহৎ নিযুক্তি কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী তদাৰকী কোষত দাখিল হৈছে । তাৰ ভিত্তিতে শীঘ্ৰে দক্ষিণ শালমাৰা জিলাৰ তদানীন্তন উপায়ুক্ত চুলতানা আৰক্ষীৰ জালত পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে এই নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰাৰ প্ৰস্তুতিৰ সমান্তৰালভাৱে প্ৰাথমিক তদন্ত‌ও আৰম্ভ কৰিছে ।

ইফালে, কেচু খান্দোতে সাপ ওলোৱাৰ দৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিঘাই বিঘাই মাটিৰ গৰাকী হোৱা ধৃত ছয়বৰ আৰক্ষীৰ জালত পৰাৰ পাছতে তদানীন্তন উপায়ুক্ত চুলতানা আৰু ছয়বৰে দক্ষিণ শালমাৰা জিলাত কোটি কোটি টকাৰ উৎকোচৰ বিনিময়ত বৃহৎসংখ্যক মণ্ডল আৰু গাঁওবুঢ়া পদত নিযুক্তি প্ৰদান কৰিছিল তাৰ তথ্য পোহৰলৈ আহিছে । ঘটনাৰ সংক্ৰান্তত তথ্য দাখিলৰ উদ্দেশ্যে কালি অভিযোগকাৰীৰ এটা দল মানকাচাৰৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত উপস্থিত হয় । ইয়াৰ পাছতে তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শীঘ্ৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান আৰম্ভ কৰিব বুলি আৰক্ষীৰ এক শীৰ্ষ সূত্ৰ‌ই সদৰী কৰিছে ।

উল্লেখ্য যে শতাধিক মণ্ডল আৰু গাঁওবুঢ়াক বেআইনীভাৱে এই দুই বিষয়াই নিযুক্তি দিয়াৰ অভিযোগ উঠিছে আৰু ইয়াৰ বিনিময়ত কে’বা কোটি টকাৰ উৎকোচ সংগ্ৰহ কৰিছিল বুলিও তথ্য লাভ কৰিছে তদন্তকাৰী দলে । এই ঘটনাত বহু ৰৌ-বৰালি জালত পৰাটো প্ৰকট হৈ পৰিছে বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰটোৱে প্ৰকাশ কৰি কয় যে দক্ষিণ শালমাৰা জিলাত ভূ-মাফিয়াই বহু মাটি বেদখল কৰাৰ অভিযোগ লাভ কৰাৰ পাছতো সেই সময়ত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ দায়িত্বত থকা এই দুই বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, বৰঞ্চ ভূ-মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ বহু তথ্য লাভ কৰা হৈছে ।

উল্লেখ্য যে সেই সময়ত ভূ-মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত এই দুই বিষয়াৰ বিৰুদ্ধে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও পৰৱৰ্তী সময়ত দুয়োকে সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগলৈ বদলি কৰা হৈছিল ।

Exit mobile version