নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ ত্যাগ নকৰে ফ্রান্সে

346897 macron

কোনােপধ্যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ ত্যাগ নকৰে ফ্রান্সে। ব্রিটেইনৰ এখন সংবাদপত্র প্রকাশিত এক বাতৰিৰ বিৰােধিতাৰে বুধবাৰে ফ্রান্স চৰকাৰে বিবৃতিৰ জৰিয়তে স্পষ্টভাৱে কয় যে ফ্রান্সে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ ত্যাগ কৰাৰ কোনাে কাৰণ নাই।

ব্রিটেইনৰ এখন সংবাদপত্রই এটি বাতৰিত দাবী কৰি কৈছিল যে ইউৰােপীয় সংঘৰ কাৰণতে ফ্রান্সে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ পদ ত্যাগ কৰিবলৈ সাজু হৈছে।

ফ্রান্সে ইউৰােপীয় সংঘক নিৰাপত্তা পৰিষদৰ পৰিৱর্তে ইউৰােপীয় সংঘৰ সৈন্য বাহিনী গঠন কৰিবলৈকো দাবী জনােৱা বুলি ব্রিটিছ সংবাদপত্ৰখনে বাতৰিত উল্লেখ কৰিছিল।

কিন্তু বুধবাৰে ফ্রান্স চৰকাৰে এক বিবৃতিত স্পষ্টভাৱে কয় যে নিৰাপত্তা পৰিষদত ফ্রান্স বৰ্তমানৰ দৰে ভৱিষ্যতেও স্থায়ী সদস্য।হৈ থাকিব।

ইউৰােপীয় সংঘৰ লগতে নিজৰ সার্বভৌমত্ব ৰক্ষা কৰি সকলাে ধৰণৰ সহযােগিতা ৰাষ্ট্ৰসংঘত ফ্রান্সে অব্যাহত ৰাখিব বুলিও বিবৃতিত দেশখনে উল্লেখ কৰিছে।

উল্লেখ্য যে নিৰাপত্তা পৰিষদৰ পাঁচ স্থায়ী সদস্যৰ অন্যতম হৈছে ফ্রান্স। আন দেশকেইখন হৈছে ব্রিটেইন, ৰাছিয়া, চীন আৰু আমেৰিকা।

Exit mobile version