ভাৰতত ক’ভিশ্বিল্ডৰ দুপালি প্রতিষেধকৰ মাজত ন্যূনতম সময়ৰ ব্যৱধান হ্রাস কৰা হ’ব পাৰে। এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰৰ বিশেষজ্ঞই।
মূলতঃ বেচৰকাৰী হাস্পতাল আৰু ক্লিনিকৰ ক্ষেত্ৰত এই নতুন নিয়ম প্রযােজ্য হব। অর্থাৎ যিসকল ব্যক্তিয়ে ধনৰ বিনিময়ত প্ৰতিষেধক লৈছিল, তেওঁলােকে এই সুবিধা লাভ কৰিব।
বর্তমানে ক’ভিশ্বিল্ডৰ প্রথমপালি লােৱাৰ ১২-১৬ সপ্তাহৰ পাছত দ্বিতীয়পালি প্রতিষেধক গ্ৰহণ কৰিব লাগে। প্রতিষেধক দুপালিৰ মাজত থকা সময়ৰ এই ব্যৱধান চাৰি সপ্তাহলৈ হ্রাস কৰা হ’ব পাৰে।
চলিত মাহৰ আৰম্ভণিতে কেৰালাৰ উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত স্বাস্থ্য মন্ত্রণালয়ক নির্দেশ দিছিল। ইতিমধ্যে যিসকলে শীঘ্ৰে বিদেশ যাত্রা কৰিব বিচাৰিছে, তেওঁলােকক চাৰি সপ্তাহৰ বিৰতিত দ্বিতীয়পালি প্রতিষেধক প্ৰদান কৰা হৈছে।
অৱশ্যে চৰকাৰী টিকাকৰণৰ ক্ষেত্ৰত আদর্শ সময়ৰ ব্যৱধান ১২ সপ্তাহ নির্ধাৰণ কৰা হৈছে। যােৱা মেত ক’ভিশ্বিল্ডৰ এই প্রতিষেধকৰ দুপালিৰ মাজত সময়ৰ ব্যৱধান দ্বিগুণ কৰা হৈছিল। চাৰি-ছসপ্তাহৰ পৰিৱর্তে দুপালিৰ মাজৰ ব্যৱধান ১২ সপ্তাহলৈ বৃদ্ধি কৰা হৈছিল।