গোসাঁইগাঁৱৰ মইনাগুৰি ৰাভা গাঁৱত আজি কেন্দ্ৰীয় ৰেল তথা বস্ত্ৰ শিল্প মন্ত্ৰী দর্শনা বিক্ৰম জাদশ উপস্থিত হৈ গাঁওখনৰ তাঁতশালসমূহ পৰিদৰ্শন কৰি অভিভূত হয় । অসমৰ জীয়ৰী-বোৱাৰীৰ হাতত আটক ধুনীয়া কৈ প্ৰস্তুত কৰা বস্ত্ৰসমূহ অসমৰ পৰা বাহিৰত নিয়াৰ বাবে সকলো ব্যৱস্থা কৰাৰ লগতে বিশ্ব দৰবাৰত নিয়াৰ পৰিকল্পনা কৰে ।
ADVERTISEMENT
মন্ত্ৰীগৰাকীয়ে ঘৰে ঘৰে গৈ তাঁতশাল পৰিদৰ্শন কৰি ৰোৱনীসকলক উৎসাহ দিয়াত গাঁৱৰ ৰোৱনীসকল আনন্দিত হৈ পৰে । এখন ভিতৰুৱা অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈ তাঁতশাল পৰিদৰ্শন কৰাৰ লগতে হাতত প্ৰাণ পাই উঠা বস্ত্ৰসমূহ বিশ্ব দৰবাৰত নিয়াৰ পৰিকল্পনাই অধিক উৎসাহ যোগায় ।