Afghanistan Crisis : কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক বৰ্খাস্ত কৰিলে তালিবানে, প্ৰতিবাদত পদত্যাগ ৭০ অধ্যাপকৰ

ছাত্ৰ-ছাত্ৰীসকলৰ সহশিক্ষা বাতিলৰ পাছত এইবাৰ উপাচার্য বদলি । তালিবান চৰকাৰৰ সিদ্ধান্তৰ প্রতিবাদত পুনৰ সৰৱ কাবুল বিশ্ববিদ্যালয় । বিশিষ্ট শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক বিশ্ববিদ্যালয়ৰ উপচার্যৰ পদৰ পৰা বৰ্খাস্ত কৰি বুধবাৰে তালিবানৰ ঘনিষ্ঠ মহম্মদ আশ্ৰফ ঘইৰতক এই পদত উপস্থাপন কৰা হয় । ইয়াৰ পাছতেই পদত্যাগ কৰা আৰম্ভ কৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ।

এক আফগান সংবাদমাধ্যমে জনায়, তালিবান চৰকাৰৰ সিদ্ধান্তক প্রতিবাদ জনায় বৃহস্পতিবাৰে দুপুৰীয়া পর্যন্ত কাবুল বিশ্ববিদ্যালয়ৰ প্রায় ৭০ জন অধ্যাপকে পদত্যাগ কৰে । সেই তালিকাত বিশ্ববিদ্যালয়ৰ একাধিক বিভাগীয় প্রধান আছে । তেওঁলোকৰ অভিযোগ, পিএইছডি ডিগ্রিধাৰী বাবুৰিৰ স্থানত কলা বিভাগৰ স্নাতক ঘইৰতক নিয়োগ কৰি ঐতিহ্যমণ্ডিত কাবুল বিশ্ববিদ্যালয়ৰ মর্যাদাহানি কৰিছে তালিবান চৰকাৰে ।

তালিবান চৰকাৰৰ তৰফৰ পৰা অৱশ্যে কোৱা হৈছে, ঘইৰতক ভাৰপ্রাপ্ত উপাচার্যৰ দায়িত্ব দিয়া হৈছে । স্থায়ীভাৱে নিয়োগ কৰা নাই ।

পূর্বৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ শাসনকালত আফগানিস্তান চৰকাৰৰ শিক্ষা বিভাগৰ মজলীয়া স্তৰৰ বিষয়া আছিল ঘইৰত । দেশখনৰ দক্ষিণ-পশ্চিমাঞ্চলত ইছলামি শিক্ষা প্রসাৰৰ দায়িত্বত থকাকালীন তালিবানৰ স’তে তেওঁৰ ‘যোগাযোগ’ স্থাপন হৈছিল বুলি প্রকাশিত এক খবৰত দাবী কৰা হৈছে ।

তালিবানৰ শাসনকালত আফগানিস্তানৰ উচ্চশিক্ষা মন্ত্রী হৈছে হক্কানি নেটৱর্কৰ নেতা আব্দুল বাকি হক্কানি । ইউৰোপীয় ইউনিয়নৰ ‘সন্ত্ৰাসবাদী তালিকা’ত নাম আছে তেওঁৰ । দেশৰ সকলো শিক্ষাপ্রতিষ্ঠানত পোছাকবিধি আৰম্ভ কৰিছে । মহিলাসকলে বোৰ্খা পৰিধান কৰা বাধ্যতামূলক কৰাৰ লগতে একেই শ্রেণীকোঠাত ছাত্র আৰু ছাত্রীসকলৰ পাঠদানো নিষিদ্ধ কৰা হৈছে ।

লগতে, বিশ্ববিদ্যালয়ৰ পাঠ্যসূচী পর্যালোচনা আৰু পৰিৱর্তন কৰা হ’ব বুলি জনাই তালিবান উচ্চশিক্ষামন্ত্রীয়ে ইংগিত দিছে, সকলো পাঠ্যক্রমতেই ধর্মপাঠ শিক্ষা বাধ্যতামূলক কৰা হ’ব পাৰে । পূৰ্বৰ তালিবান শাসনৰ দৰেই নিষিদ্ধ হ’ব পাৰে সংগীত আৰু শিল্পকলাৰ পাঠ্যক্রম ।

Exit mobile version