প্ৰাণঘাতী ক্ষমতা হেৰুৱাইছে কৰ’না ভাইৰাছে, দাবী অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকাৰ গৱেষকৰ

coronavirus image iStock 628925532

কৰ’না ভাইৰাছে ক্রমশঃ মাৰণক্ষমতা হেৰুৱাইছে । এই দাবী প্ৰতিষেধক নির্মাতা সংস্থা অক্সফ’র্ড-এষ্ট্ৰাজেনেকাৰ গৱেষক ডেম ছাৰা গিলবার্টৰ । তেওঁ কয়, ‘‘কৰ’না ভাইৰাছৰ নতুন প্রজাতিবোৰৰ প্রাণঘাতী হৈ উঠাৰ ক্ষমতা যথেষ্ট কম ।’’

আগন্তুক সময়তো কৰ’না ভাইৰাছৰ ‘দুর্বল’ হোৱাৰ এই প্রৱণতা অব্যাহত থাকিব বুলি দাবী কৰিছে ডেমে । ব্রিটেইনৰ এক সংবাদপত্রক দিয়া সাক্ষাৎকাৰত অক্সফ’র্ড-এষ্ট্ৰাজেনেকাৰ গৱেষণাগাৰ ‘জেনাৰ ইনষ্টিটিউট’-ৰ প্রধান ডেমে কয়, ‘‘শেষ পর্যন্ত ই সাধাৰণ জ্বৰ (ফ্লু) ভাইৰাছৰ স্তৰত উপনীত হ’ব ।’’

বৃহস্পতিবাৰে ‘ৰয়েল ছ’চাইটি অৱ মেডিচিন’-ৰ আলোচনাত তেওঁলোকৰ গৱেষণাৰ কথা জনাই ডেমে কয়, ‘‘জিনৰ পৰিৱৰ্তনৰ বাবে ভৱিষ্যতে আৰু প্রাণঘাতী কৰ’না ভাইৰাছ সৃষ্টিৰ সম্ভাৱনা প্রায় নাই ।’’

ডেমে জনায়, বিভিন্ন জনগোষ্ঠীৰ মাজত বিয়পি পৰাৰ লগে লগে ভাইৰাছৰ প্রাণঘাতী ক্ষমতা কমি থাকে । ক’ভিড-১৯ সংক্রমণৰ বাবে দায়ী ছাৰ্ছ-ক’ভ-২ ভাইৰাছৰ ক্ষেত্রতো সেইটোৱে হৈছে । অৱশ্যে ‘প্ৰাণঘাতী’ ক্ষমতা হেৰুৱালেও ভৱিষ্যতে কৰ’না ভাইৰাছৰ সংক্রমণৰ ক্ষমতা কমাৰ সম্ভাৱনা নাই বুলি জনায় অক্সফ’র্ড-এষ্ট্ৰাজেনেকাৰ এই গৱেষকে ।

Exit mobile version