The Kapil Sharma Show : আইনী বিপাকত দ্য কপিল শর্মা শ্ব’ ! অনুষ্ঠানটোৰ বিৰুদ্ধে এফ‌আইআৰ

2021 9image 13 10 568687931ka ll

বিপাঙত পৰিল ‘দ্য কপিল শর্মা শ্ব’ । কপিল শর্মা সঞ্চালিত এই অনুষ্ঠানৰ এটা খণ্ডত মঞ্চত আদালতৰ পৰিৱেশ সৃষ্টি কৰি তাত মদ্যপান কৰাৰ দৃশ্য দেখুওৱা হয় । আদালত অবমাননাৰ অভিযোগত এই অনুষ্ঠানৰ বিৰুদ্ধে মধ্যপ্রদেশৰ শিৱপুৰীৰ জিলা আদালতত এটা এফআইআৰ দাখিল কৰা হৈছে ।

শিৱপুৰীৰ যিজন অধিবক্তাই এফআইআৰ দাখিল কৰিছে তেওঁ কয়, “দ্য কপিল শর্মা শ্ব’ অনুষ্ঠানটো বহু জনপ্ৰিয় । ইয়াত মহিলাসকলক লৈও অশ্লীল মন্তব্য কৰা হয় । এটা খণ্ডত আদালতৰ দৃশ্যত অভিনেতাসকলক মদ্যপান কৰা দেখা যায় । এনে ধৰণৰ ক্রিয়াকলাপ বন্ধ হোৱা উচিত ।”

বিতর্কৰ সৃষ্টি কৰা খণ্ডটো ২০২০ৰ ১৯ জানুৱাৰীত সম্প্রচাৰিত হৈছিল । ইয়াৰ পাছত পুনৰ চলিত বৰ্ষৰ ১৪ এপ্রিলত সেই খণ্ডটো টেলিভিছনত দেখুওৱা হয় । এনে ধৰণৰ দৃশ্যৰ জৰিয়তে আদালতক অসন্মান কৰা হৈছে বুলি ধাৰণা কৰে সেই অধিবক্তাজনে । এক অক্টোবৰত এই গোচৰৰ শুনানি হ’ব ।

‘দ্য কপিল শর্মা শ্ব’-ত কপিলৰ উপৰিও সুমনা চক্রৱর্তী, কিক্কু শাৰদা, ভাৰতী সিং, অর্চনা পূৰণ সিঙৰ দৰে তাৰকাসকলক দেখা যায় । বলিউডৰ অভিনেতা-অভিনেত্ৰীসকল কপিলৰ অতিথি হৈ আহে । কিন্তু সাতমাহ পাছত ২১ আগষ্টৰ পৰা অনুষ্ঠান আৰম্ভ হ‌ওঁতেই আইনী বিপাকত পৰিল নির্মাতাসকল ।

Exit mobile version