বেয়াকৈ কাটিছিল চুলি,মডেলক দুই কোটি টকাৰ ক্ষতিপূৰণ দিব দিল্লীৰ হোটেলে

m1oqiss haircut

দিল্লীৰ এখন পঞ্চতাৰকা হােটেলৰ হেয়াৰ ষ্টাইলিষ্টে এগৰাকী মডেলৰ চুলি বেয়াকৈ কটাৰ পৰিণতিত উক্ত হােটেলখনে মডেলক ক্ষতিপূৰণ হিচাপে আগবঢ়াব লাগিব দুই কোটি টকা।

ৰাষ্ট্ৰীয় উপভােক্তা বিবাদ নিষ্পত্তি আয়ােগ (এন চি ডি আৰ চি)-এ এই নির্দেশ দিলে উক্ত পঞ্চতাৰকা হােটেলক। উত্থাপিত অভিযোেগ অনুসৰি, মহিলা মডেলগৰাকীয়ে পঞ্চতাৰকা হােটেলৰ পাৰ্লাৰত নিজৰ
চুলি কটাইছিল।

কিন্তু হােটেলৰ হেয়াৰ ষ্টাইলিষ্টে নিজ ইচ্ছা অনুসৰি জধে-মধে মডেলৰ চুলি কাটি দিয়াৰ ফলত মডেলিং চুক্তিৰ পৰা বাহিৰ হ’ব লগা হৈছিল উক্ত মডেলগৰাকী।

পৰিণতিত কে’বা কোটি টকা উপার্জনৰ পৰা বঞ্চিত হৈছিল উক্ত মডেল। মডেলগৰাকীয়ে মানসিক অৱসাদত ভুগি উপভােক্তা আদালতৰ দ্বাৰস্থ হৈছিল আৰু এই অভিযােগৰ বিচাৰ চলাই এন ডি চি আৰ চিৰ বিচাৰক আৰ কে আগৰৱাল আৰু ডাক্তৰ এছ এম কান্তিকাৰে যুৱতীক দুই কোটি টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ পঞ্চতাৰকা হােটেলক নির্দেশ দিয়ে।

উল্লেখ্য যে মডেলগৰাকীয়ে নিজৰ দীঘল চুলিৰ জৰিয়তে পূর্বে পেন্টিন, ভি এল চি চিৰ পণ্যৰ বিজ্ঞাপনত অংশ লৈছিল। ২০১৮ৰ ১২ এপ্রিলতে উক্ত মডেলে পঞ্চতাৰকা হােটেলৰ পার্লাৰত চুলি কটাবলৈ গৈছিল।

মডেলগৰাকীয়ে দাবী কৰা অনুসৰি, তেওঁ চাৰি ইঞ্চি চুলি কাটিবলৈ হেয়াৰ ষ্টাইলিষ্টক কৈছিল যদিও হেয়াৰ ষ্টাইলিষ্টে তেওঁৰ চাৰি ইঞ্চি চুলি ৰাখি বাকীখিনি কাটি দিয়ে। ফলত দীঘল চুলি হেৰুৱাই মডেলগৰাকীয়ে বিজ্ঞাপনৰ কামৰ পৰা বঞ্চিত হৈছিল।

Exit mobile version