চিৰাঙত আমছুৰ কেন্দ্ৰীয় সভাপতিৰ সংবাদমেল

চিপাঝাৰ ধলপুৰ গৰুখুটীৰ ঘটনাত উচটনি দিয়াত আমছু কোনো পধ্যেই জড়িত নহয় বুলি চিৰাঙৰ বৰতালোৱাত আয়োজিত এক সংবাদমেলত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰে।

আমছুৰ সদস্য সকলে জিলা প্ৰশাসনক সহযোগিতা কৰিছিল যাতে কোনো ধৰণৰ অপ্ৰিতিকৰ পৰিৱেশৰ সৃষ্টি নহয়। চৰ অঞ্চলৰ পৰা আমছুয়ে ২৮ লাখ নহয় ২৮ পইচাও সংগ্ৰহ কৰা নাই ।

মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰা ধৰণে চোৰাং চোৱাই ভূল তথ্য যোগান ধৰিছে বুলিও দাবী কৰে আমছুৰ সভাপতিগৰাকীয়ে।তেওঁ লগতে কয় যে এই ঘটনাৰো তদন্ত হব লাগে নিশ্চয় তেতিয়াই স্পষ্ট হব কোনে টকা সংগ্ৰহ কৰিছিল।

সংবাদ মেলত মন্ত্ৰী পিয়ুষ হাজৰিকাকো সমালোচনা কৰি কয় যে আমছুৰ মাজত যদি কোনো তালিবান বা পাকিস্থান সমৰ্থক আছে গ্ৰেপ্তাৰ কৰক।

কাৰণ চৰকাৰ, গৃহ বিভাগ আপনালোকৰ হাতত। যদি প্ৰমান কৰিব নোৱাৰে তেন্তে সমাজত বিভ্ৰান্তি কৰিব পৰা বা সাম্প্ৰদায়িকতা সৃষ্টী কৰিব পৰা কোনো বাৰ্তা বিয়পোৱাৰ চেষ্টা নকৰিবলৈয়ো সকিয়াই দিয়ে আমছুৰ সভাপতি জনে।

আমছু কেতিয়াও উচ্ছেদৰ বিৰুদ্ধে নহয় যাৰ বাবে আমছুয়ে সহযোগ কৰিছে জিলা প্ৰশাসনক। মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰা ধৰণে উচ্ছেদিত লোক খিনিক ভূমি দি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায় সংবাদ মেল যোগে।

সংবাদমেলত আমছুৰ সহকাৰী সম্পাদক তফিৰ উদ্দিন আহমেদ,আমছুৰ মুখ্য সাংগঠনিক সম্পাদক গুলজাৰ হুচেইন পৰামানিক,চিৰাং জিলা আমছুৰ সভাপতি নাজিৰ ৰহমানো উপস্থিত থাকে সংবাদমেলত।

Exit mobile version