India-China : ভাৰতীয়ৰ চীনত প্ৰৱেশ নিষেধ, ক্ষুব্ধ নতুন দিল্লী

flight

কৰ’না অতিমাৰীৰ কাৰণ দৰ্শাই হেজাৰ হেজাৰ ভাৰতীয়ক চীনত প্ৰৱেশ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে জি জিনপিং চৰকাৰে । চীনৰ এই সিদ্ধান্তত ক্ষুব্ধ নতুন দিল্লী । এই সিদ্ধান্তক ‘অবৈজ্ঞানিক’ বুলি কটাক্ষ কৰিছে ভাৰতে ।

চীনত ২৩ হেজাৰৰো অধিক ভাৰতীয় ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰে । অধিকাংশ‌ই মেডিকেল পঢ়িবলৈ যায় । তদুপৰি, ভাৰতীয় ব্যৱসায়ীয়েও পৰিয়ালসহ সেই দেশত বাস কৰে । ২০১৯ৰ শেষৰফালে চীনত কৰ’না সংক্রমণ হোৱাৰ পাছতেই তেওঁলোক দেশলৈ উভতিছিল । ইয়াৰ পাছৰ পৰা ভাৰতৰ স’তে বিমান সেৱা বন্ধ ৰাখিছে চীনে । ভাৰতীয়সকলৰ ভিছা দিয়াও বন্ধ কৰিছে তেওঁলোকে ।

এই বিষয়ত যোৱা ২৩ ছেপ্টেম্বৰত চীন চৰকাৰৰ স’তে আলোচনা কৰে তাত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত বিক্রম মিছৰীয়ে । তেওঁ কয়, ‘‘ডেৰ বছৰৰো অধিক সময় ধৰি ভাৰতীয়সকলক চীনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে । কিন্তু সম্প্ৰতি পৰিস্থিতি বহু স্বাভাৱিক । এই সময়ত এনে ধৰণৰ সিদ্ধান্ত অবৈজ্ঞানিক । এই সিদ্ধান্তৰ ফলত হেজাৰ হেজাৰ ছাত্র-ছাত্রী আৰু ব্যৱসায়ী চীনত যাব পৰা নাই । চীনে মানৱীয়তাৰ খাতিৰত নিজৰ সিদ্ধান্ত সলনি কৰা উচিত ।’’

মিছৰীয়ে লগতে কয়, অতিমাৰী পৰিস্থিতি কিছু স্বাভাৱিক হোৱাৰ পাছত ভাৰতেও বিদেশী নাগৰিকসকলক ভিছা দিছে । চীনৰ পৰাও ব্যৱসায়ীসকলক ভাৰতত অহাৰ অনুমতি দিয়া হৈছে । চীনেও সেই পথ অৱলম্বন কৰা উচিত ।

চলিত মাহত বিদেশী নাগৰীসকলৰ পৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়ত প্রশ্ন কৰা হ’লত চীনৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র‌ই জনায় যে, তেওঁলোকে এই বিষয়ত বিভিন্ন দেশৰ স’তে আলোচনা কৰিছে । কিন্তু এই পর্যন্ত কোনও সিদ্ধান্তত উপনীত হ’ব পৰা নাই বেজিং ।

Exit mobile version