দিনটোৰ ৰাশিফল

weekly horoscope 2021 july week 11 17 july

মেষঃ সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব; হনুমানক পূজা কৰক পানীৰ পৰা সাৱধান । ভ্ৰমণত শুভ, শুভ ৰং কমলা ।

বৃষঃ আৰ্থিক লাভ বৃদ্ধি, ধৈৰ্য, সাহসী আৰু মেধাৱী দিশ প্ৰকাশ পাব, কৰ্মসংস্থাপন বাট মুকলি, গেৰুৱা শুভ ৰং ।

মিথুনঃ কৰ্মস্থাপনত শুভ, খৰচ বৃদ্ধি, প্ৰেমত শুভ, মনৰ অস্থিৰতা বৃদ্ধি, ঘৰুৱা চিন্তা বৃদ্ধি, শুভ ‌ৰং মেৰুণ ।

কৰ্কটঃ ধৈৰ্যৰ সুফল পাব । কোনো আত্মীয় সুসংবাদ পাব, প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব । শুভ ৰং হালধীয়া ।

সিংহঃ আৰ্থিকত নতুন সুযোগৰ আশা, শৰীৰৰ প্ৰতি যত্ন ল‌ওক, গণেশক মিঠাই দি পূজা কৰিব, বন্ধুৰ পৰা উপকৃত হ’ব, শুভ ৰং ৰঙা ।

কন্যাঃ দূৰ ভ্ৰমণৰ যোগ, সু-সংবাদ লাভ কৰিব, কৰ্মস্থানত মধ্যম । বঞ্চিত কামত অগ্ৰগতি বৃদ্ধি, সেউজীয়া শুভ ৰং ।

তুলাঃ শাৰীৰিক উন্নতি যোগ্য ব্যক্তিৰ মান-সন্মান বৃদ্ধি, ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি , কৰ্মক্ষেত্ৰত মধ্যম । শুভ ৰং বগা ।

বৃশ্চিকঃ কৰ্মস্থানত শুভ, পাৰিবাৰিক কিছু সমস্যা থাকিব, বিদ্যাত মধ্যম, আৰ্থিকত ব্যয়, শুভ ৰং গুলপীয়া ।

ধনুঃ ব্যৱসায়ীসকলৰ শুভ, পাৰিবাৰিক দুৰ্ভাৱনা থাকিব পাৰে, আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব, ভ্ৰমণত শুভ । শুভ ৰং নীলা ।

মকৰঃ মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব, কৰ্মক্ষেত্ৰত ব্যৱস্থা বৃদ্ধি, ব্যৱসায়-বাণিজ্যত মধ্যম । শুভ ৰং বেঙুনীয়া ।

কুম্ভঃ হঠাৎ অৰ্থলাভ কৰিব পাৰে, বন্ধুৰ পৰা উৎসাহ পাব, দাম্পত্যত বুজাবুজিৰ অভাৱ । শুভ ৰং মটিয়া ।

মীনঃ ব্যৱসায়ত শুভ, ঘৰুৱা কাম-কাজৰ লগতে নতুন চিন্তাত সুফল পাব । প্ৰেমত শুভ, শৰীৰৰ প্ৰতি যত্ন ল‌ওক । শুভ ৰং কমলা ।

Exit mobile version