বিভিন্ন উন্নয়ন পৰিষদৰ পুঁজি ব্যয়ত জনগোষ্ঠীয় সংগঠনক চামিলৰ সিদ্ধান্ত

কিস্তি হিচাপে আদায় দিব আবণ্টিত পুঁজি

swarajya 2021 09 c369b213 c80b 46c5 9e0f 4f765c3b4a71 pjimage 76

ৰাজ্যৰ উন্নয়ন পৰিষদবোৰে এতিয়াৰে পৰা একক সিদ্ধান্তৰে পুঁজি ব্যয় কৰিব নোৱাৰিব । পৰিষদখনে পুঁজি ব্যয়ৰ ক্ষেত্ৰত সংশ্লিষ্ট জনগোষ্ঠীৰ সংগঠনসমূহৰ লগত আলোচনা কৰিহে পুঁজি ব্যয়ৰ সিদ্ধান্ত ল’ব পাৰিব । অতিশীঘ্ৰে চৰকাৰৰ এই সিদ্ধান্ত‌ই আনুষ্ঠানিক ৰূপ পাব । তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কে’বাটাও জনগোষ্ঠীৰ লগত অব্যাহত ৰখা আলোচনাৰ প্ৰক্ৰিয়াত চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।

ইয়াৰ লগতে একাংশ জনগোষ্ঠীক উন্নয়নমূলক কাম-কাজৰ বাবে পুঁজি আৱণ্টনৰ যি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পূৰ্বে দিয়া হৈছিল সেয়াও কাৰ্যকৰী কৰিবলৈ চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে । অৱশ্যে কিস্তি হিচাপতহে সেই ধন আদায় দিয়া হ’ব । ধন আদায়ৰ প্ৰসংগত উন্নয়ন পৰিষদবোৰৰ একক ক্ষমতা কৰ্তন কৰি পুঁজি ব্যয়ৰ ক্ষেত্ৰত সংশ্লিষ্ট জনগোষ্ঠীয় সংগঠনবোৰকো সাঙুৰি লোৱা হয় । এনে সিদ্ধান্তৰ দ্বাৰা চৰকাৰে সংশ্লিষ্ট জনগোষ্ঠীবোৰৰ সংগঠনসমূহক ‘হাতত ৰখা’ৰ কৌশল অৱলম্বন কৰা বুলিও চৰ্চা আৰম্ভ হৈছে ।

উন্নয়ন পৰিষদবোৰে হিতাধিকাৰী বাছনিৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । ইমানদিনে পৰিষদে নিজে হিতাধিকাৰী বাছনি কৰি আহিছিল । নতুন সিদ্ধান্ত অনুসৰি হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত এতিয়াৰে পৰা পৰিষদে নিজৰ নিজৰ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, মহিলা সংগঠন আদিকো অন্তৰ্ভুক্ত কৰিব লাগিব ।

তদুপৰি, সংগঠনবোৰে নিজেও আঁচনিৰ প্ৰস্তাৱ পৰিষদৰ ওচৰত দাখিল কৰিব পাৰিব । উল্লেখ্য যে অসমত ৩১খন উন্নয়ন পৰিষদ আছে । পৰিষদবোৰে নিয়মীয়াকৈ পুঁজিলাভ প্ৰক্ৰিয়া আজিলৈকে স্বাভাৱিক হৈ উঠা নাই । এই প্ৰক্ৰিয়াটো স্বাভাৱিক কৰা হ’ব বুলি আশ্বাস মুখ্যমন্ত্ৰীয়ে দিয়ে বুলি আলোচনাত অংশ লোৱা সংগঠনৰ নেতাৰ সূত্ৰই সদৰী কৰে ।

Exit mobile version