Afghanistan : আফগানিস্তানৰ পাৰপত্ৰ-পৰিচয়পত্ৰ সলনি কৰিব তালিবানে

afghanpassports 16298840283x2 1

আফগানিস্তানৰ নাম সলনি কৰাৰ পাছত তালিবানে এইবাৰ দেশখনৰ পাৰপত্ৰ আৰু ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ সলনি কৰাৰ সিদ্ধান্ত ল’লে । এতিয়াৰে পৰা পাৰপত্ৰ আৰু নাগৰিকৰ ৰাষ্ট্ৰীয় পৰিচয়পত্ৰত আফগানিস্তানৰ নাম ‘ইছলামিক এমিৰেট অৱ আফগানিস্তান’ বুলি উল্লেখ কৰা হ’ব ।

ইয়াৰ বাবে ইতিমধ্যে তালিবান চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে আফগানিস্তানলৈ মানৱীয় সহায় অব্যাহত ৰখাৰ বাবে আমেৰিকাই লোৱা সিদ্ধান্তক তালিবানে আদৰণি জনালে ।

Exit mobile version