Ayushman Bharat Digital Mission : দেশবাসীৰ স্বাস্থ্যৰ সমস্ত তথ্য থাকিব এখন পৰিচয়পত্ৰতে

প্ৰধানমন্ত্ৰীৰ আয়ুস্মান ভাৰত ডিজিটেল মিছন আৰম্ভ

Screenshot 183

দেশৰ জনসাধাৰণৰ বাবে ডিজিটেল স্বাস্থ্য পৰিচয়পত্র জাৰি কৰিব কেন্দ্র‌ই । শৰীৰৰ ক’ত কি ৰোগ হয়, আগতে কি ৰোগ আছিল, তাৰ পুংখানুপুংখ তথ্য থাকিব এই পৰিচয়পত্রত । যাতে অসুস্থ হ’লে এই পৰিচয়পত্রতেই আপোনাৰ সমস্ত স্বাস্থ্য ইতিহাস পায় চিকিৎসা প্রদানকাৰী সংস্থাই । সোমবাৰে পুৱা ১২ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । ভিডিঅ’ কনফাৰেন্সিঙত সম্প্রচাৰিত এই বক্তৃতাৰ জৰিয়তে তেওঁ দেশবাসীৰ হাতত স্বাস্থ্য পৰিচয়পত্র তুলি দিয়াৰ প্রকল্প আৰম্ভ কৰে— ‘আয়ুস্মান ভাৰত ডিজিটেল মিছন’ ।

৭৪ তম স্বাধীনতা দিৱসত ‘আয়ুস্মান ভাৰত ডিজিটেল মিছন’-ৰ ঘোষণা কৰিছিল প্রধানমন্ত্রীয়ে । ইতিমধ্যে ছটা কেন্দ্র শাসিত অঞ্চলত পৰীক্ষামূলক প্রকল্প হিচাপে ইয়াক কার্যকৰী কৰাৰ প্রস্তুতিও আৰম্ভ কৰিছে । দেওবাৰে প্রধানমন্ত্রীৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হয়, ‘আর্থিক লেনদেনৰ ক্ষেত্রত ইউপিআই প্রক্রিয়াই যেনেদৰে বিপ্লৱ আনিছে, আয়ুষ্মান ভাৰত ডিজিটেল প্রকল্প‌ইও ৰাষ্ট্ৰীয় স্বাস্থ্যক্ষেত্রত ব্যাপক পৰিৱৰ্তন আনিব । অসুস্থ ব্যক্তিয়ে মাত্র এটা ক্লিকতে স্বাস্থ্য সেৱা লাভ কৰিব ।’

এই প্রকল্পটোৰ মূল উদ্দেশ্য ভাৰতীয় নাগৰিকৰ স্বাস্থ্য পৰিচয়পত্র তৈয়াৰী । যি তেওঁলোকৰ ‘হেল্থ একাউন্ট’ বা স্বাস্থ্য সংক্রান্ত বিষয়ে ‘হিচাপৰ বহী’ হিচাপে গণ্য হ’ব । যাতে ম’বাইলৰ জৰিয়তে তথ্য অন্তৰ্ভুক্ত কৰিব পাৰে । এই ‘হিচাপৰ বহী’ স্বাস্থ্য সংক্রান্ত সেৱা প্ৰদানৰ সময়ত লাগিব সেৱা প্রদানকাৰীসকলক ।

Exit mobile version