Bharat Bandh : কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । সংযুক্ত কিষাণ মৰ্চা আৰু কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন তথা কৰ্মচাৰী ফেডাৰেচনৰ যৌথ মঞ্চৰ আহবানত ঘোষণা কৰা ভাৰত বন্ধত ৰাইজৰ স্বতফুৰ্ত সমৰ্থন। অৰ্ধশতাধিক বন্ধ সমৰ্থকক আটক।

তিনিখনকৈ কৃষক বিৰোধী আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত কৰণ বন্ধ কৰাৰ দাবীত সংযুক্ত কিষাণ মৰ্চা আৰু ট্ৰেড ইউনিয়ন সমূহৰ আহবানত আজিৰ ভাৰত বন্ধৰ কলগাছিয়াত সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে।

কলগাছিয়া, জনীয়া, মইনবড়ী, বালিকুৰী আদি এলেকাৰ ৰাইজে স্বতফুৰ্ত ভাৱে দোকান-পোহাৰ, গাড়ী-মটৰ আদি বন্ধ ৰাখি বন্ধক সৰ্বাত্মক সমৰ্থন জনাই বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক পৰিবৰ্তন কৰাৰ দাবী জনায়।

স্থানীয় কৃষক সংগঠন নিখিল ভাৰত কৃষক সভা, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন আৰু ট্ৰেড ইউনিয়নৰ সদস্য সকলে বন্ধৰ সমৰ্থনত পিকিটিং কৰি থকাৰ সময়ত কলগাছিয়া আৰক্ষীয়ে অৰ্ধশতাধিক ভলন্টিয়াক গ্ৰেপ্তাৰ কৰে।

ফলত ভলন্টিয়াৰ সকলে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

Exit mobile version