Sharmistha Mukherjee : প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ কন্যাৰ সক্ৰিয় ৰাজনীতি ত্যাগ ঘোষণা

691785 mukherjeesharmistha 061118

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে সক্ৰিয় ৰাজনীতিৰ পৰা অব্যাহতিৰ সিদ্ধান্ত ল’লে । সম্প্ৰতি মুখাৰ্জী পৰিয়ালৰ একমাত্ৰ সদস্য হিচাপে শৰ্মিষ্ঠা কংগ্ৰেছত আছিল ।

শৰ্মিষ্ঠাৰ ভাতৃ অভিজিত মুখাৰ্জীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । শৰ্মিষ্ঠাই শনিবাৰে টুইট কৰি কয়, ‘সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈছো, কিন্তু কংগ্ৰেছৰ প্ৰাথমিক সদস্য হিচাপে থাকিম । কোনোবাই দেশ-জাতিৰ সেৱা কৰিব বিচাৰিলে আন উপায়েৰেও কৰিব পাৰিব । ৰাজনীতি মোৰ বাবে নহয় । ম‌ই আন কামত ব্যস্ত থাকিব বিচাৰো । সেয়েহে সক্ৰিয় ৰাজনীতিত নথকাৰ সিদ্ধান্ত ল’লো ।’

Exit mobile version