Vicky Kaushal Sardar Udham Singh Teaser :’চৰ্দাৰ উৰ্ধম সিঙ’ৰ টিজাৰত চমক দিলে ভিকি কৌশলে, ক’ত আৰু কেতিয়া মুক্তি পাব এই ছবিখন

maxresdefault 1

চৰ্দাৰ উধম সিং (Sardar Udham Singh)। ১৯১৯ চনত জালিয়ানৱালা বাগৰ হত্যা কাণ্ডৰ প্ৰায় ২১ বছৰ পাছত পঞ্জাৱৰ ৰাজ্যপাল মাইকেল অ’ডেৰক হত্যা কৰে।

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ অন্যতম বিখ্যাত নাম শ্বহিদ উধম সিঙৰ জীৱনী লৈ পৰ্দালৈ আহিছে অভিনেতা ভিকি কৌশল । ছবিখন ২০২০ চনৰ দুই অক্টোবৰত মুক্তি পোৱাৰ কথা আছিল।

কিন্তু কৰ’না পৰিস্থিতিৰ বাবে সলনি হয় চলিত বৰ্ষৰ জানুৱাৰীত মুক্তি দিয়া কথা আছিল কিন্তু এইবাৰ ছবিখনৰ মুক্তি পুনৰ পিছুৱাই দিয়া হয়।অৱশেষত ছবিখনৰ টিজাৰ সোমবাৰে মুকলি কৰা হয়।তাৰ লগতে জনোৱা হ’ল যে ছবিখনৰ মুক্তিৰ দিন ।

বাঙালী পৰিচালক সুজিত চৰকাৰৰ স’তে ছবিখনত প্ৰথমবাৰৰ বাবে কাম কৰিছে ভিকি কৌশলে । ভিকিয়ে নিজেই সোমবাৰে ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰিছে। ছ’চিয়েল মিডিয়াত টিজাৰটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, “চহিদ ভগত সিঙৰ জন্মবাৰ্ষিকীত তেওঁৰ সহযোগী চৰ্দাৰ উধম সিঙৰ কাহিনী আপোনালোকলৈ আনিবলৈ পাই মই গৌৰৱান্বিত।

এজন মানুহ, অসংখ্য নাম, এটা অভিযান।’ অভিনেতাজনে চৰ্দাৰ উধম সিঙৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অতি উৎসাহিত আৰু গৌৰৱান্বিত বুলি জনাইছে ।

আমাজন প্ৰাইমত মুক্তি পাবলগীয়া ছবিখনৰ প্ৰথম লুক ইতিমধ্যে সঁহাৰি লাভ কৰিছে। একেদৰে টিজাৰটোৱেও দৃষ্টি আকৰ্ষণ কৰিছে। তথ্য অনুসৰি শ্বাহিদ উধম সিঙৰ ছবিখন ১৬ অক্টোবৰত প্ৰাইম ইণ্ডিয়াত মুক্তি পাব।

সুজিত সৰকাৰৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ২০১৯ চনত সম্পূৰ্ণ হৈছিল কিন্তু পোষ্ট প্ৰযোজনা পিছুৱাই দিয়া হৈছিল।চলিত সপ্তাহৰ আৰম্ভণিতে ছবিখনৰ ডাবিং সমাপ্ত কৰিছে অভিনেতাগৰাকীয়ে ।তেওঁ ছবিখন নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। এতিয়া মাথোঁ ছবিখনলৈ অপেক্ষা ।

ভিকি কৌশলৰ উপৰিও ছবিখনত দেখা পাব ছন স্কট, ষ্টিফেন হোগান, বানিতা সান্ধু, কিৰ্ষ্টি এভাৰটন আৰু অমল পাৰচাৰক। ছবিখন ১৬ অক্টোবৰত অটিটি প্লেটফৰ্ম আমাজন প্ৰাইমত মুক্তি পাব।

Exit mobile version