তিনিচুকীয়াত উপস্থিত অসম বিধানসভাৰ বিধায়কৰ এটা সজাতি দল

Screenshot 186

চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজানত সাতজনীয়া বিধায়কৰ দলটোৱে উপস্থিত হৈ নাৱেৰে পৰিদৰ্শন কৰে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে, দিগন্ত কলিতাৰ নেতৃত্বত মঙলবাৰে বিধায়কৰ দলটো তেৰছ গোৱালা, বিনোদ হাজৰিকা, হেমাংগ ঠাকুৰীয়া, ভূপেন বড়ো, মিহিৰ কান্তি চৌম, আব্দুৰ ৰহিম আহমেদ উপস্থিত হয় ৷

দলটোৱে পৰৱৰ্তী সময়ত পানীতোলাৰ বৰুৱাহোলাত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক আৰু মটক স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত আয়োজন কৰা এক অনুষ্ঠানত অংশ লয় ।

উক্ত অনুষ্ঠানতে জনগোষ্ঠীটোৰ জীৱনধাৰণৰ প্ৰণালী আৰু মটক জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰ্যবেক্ষণৰ লগতে মটক জনগোষ্ঠীৰ বিভিন্ন সমস্যা সন্দৰ্ভত বুজ লৈ সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীক অৱগত কৰা হ’ব বুলি মন্তব্য কৰে বিধায়কৰ দলটোৱে ৷

Exit mobile version