Capital Subway System : শতাব্দী প্ৰাচীন ৰেলপথত ‘গোপন’ যাত্ৰা

IMG 2010092391992 FULL

জনসমাগমৰ পৰা বাচিবলৈ বা গোপনে যাতায়াত কৰিবৰ বাবে, বছৰৰ পাছত বছৰ ধৰি ৱাছিংটনৰ ভূগর্ভস্থ বৈদ্যুতিক ৰেললাইনটো পছন্দ কৰিছিল আমেৰিকাৰ ৰাজনীতিবিদসকলে । আমেৰিকাৰ ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ উপৰিও জনপ্রিয় তাৰকাসকলে — এই পথ ব্যৱহাৰ কৰিছিল । অথচ এই গোপন সুৰংগ পথৰ বিষয়ে নাজানে সিংহভাগ আমেৰিকাবাসীয়ে ।

প্রায় তিনি হেজাৰ ফুট দৈৰ্ঘ্যৰ এই ৰেলপথটোৰ নাম ‘কেপিটল ছাবৱে ছিষ্টেম’ । ১৯০৯ত এই ৰেলপথ আৰম্ভ হয় । কেপিটল ভৱনৰ পৰা কংগ্রেছৰ উচ্চকক্ষ চেনেট কাৰ্যালয় আৰু নিম্নকক্ষ হাউছ কাৰ্যালয়ক সংযুক্ত কৰি এই সুৰংগ পথটো নিৰ্মাণ কৰা হৈছে ।

ইতিহাসবিদ ডেন হল্টে জনায়, আমেৰিকাৰ ২৭তম ৰাষ্ট্ৰপতি উইলিয়াম হাৱার্ড টেফ্ট ১৯১১ৰ জানুৱাৰীত এদিন হঠাৎ এঘণ্টাৰ বাবে অ’ভাল কাৰ্যালয়ৰ পৰা তেওঁ উধাও হয় । পাছত তেওঁক এই সুৰংগ পথত দেখিবলৈ পোৱা যায় । ৱাছিংটন টাইমছে লিখিছিল, ‘‘সন্ধানহীন ৰাষ্ট্ৰপতি, এই খবৰত চহৰখনত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল । দাবানল লগাৰ দৰে এলার্ম বাজিছিল চাৰিওদিশে ।’’

ডেনে ক‌য়, ‘‘শিশুসকলেও এই পথ খুব পছন্দ কৰিছিল । সেয়ে বহু সময়ত চেনেটসকলে পৰিয়ালসহ ইয়াত সময় অতিবাহিত কৰিব আহিছিল ।’’ আমেৰিকাৰ বহু ৰাষ্ট্ৰপতি আৰু ভাবি ৰাষ্ট্ৰপতিৰ ছবি আছে এই ৰেলৰ ভিতৰত ।

১৯৪৭ত এই সুৰংগ পথতেই হত্যা কৰাৰ চেষ্টা কৰা হৈছিল ওহায়োৰ তৎকালীন চেনেট আৰু ৰাষ্ট্ৰপতি পদৰ প্রার্থী জন ব্রিকাৰক । উইলিয়াম কাইজাৰ নামে এজন প্রাক্তন আৰক্ষী বিষয়াই তেওঁক লক্ষ্য কৰি গুলি চলায় । কিন্তু লক্ষ্যভ্ৰস্ত হোৱাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে ।

Exit mobile version