Punjab Politics : পঞ্জাৱ কংগ্রেছৰ সভাপতিৰ পদ ত্যাগ সিদ্ধুৰ, দিল্লীৰ ‘শ্বাহ দৰবাৰত’ অমৰিন্দৰ

Amarinder Singh Navjot Singh Sidhu 179cff7186c large

বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আজি প্রদেশ কংগ্রেছ সভাপতিৰ পদৰ পৰা পদত্যাগ দিলে নৱজোৎ সিং সিদ্ধুৱে । দলৰ সভানেত্রী ছোনিয়া গান্ধীক পদত্যাগপত্র তেওঁ পদত্যাগ পত্ৰ দিছে । সিদ্ধুৱে জনায়, সভাপতিৰ পদ ত্যাগ কৰিলেও কংগ্রেছৰ এজন কর্মী হিচাপে তেওঁ কাম কৰি যাব ।

ইপিনে, মঙলবাৰে সন্ধ্যিয়া দিল্লীত অমিত শ্বাহ আৰু জে পি নড্ডাৰ স’তে বৈঠকত মিলিত হ’ব অমৰিন্দৰ সিং । বিজেপি-ৰ এক সূত্র‌ই জনাইছে, কেন্দ্রীয় গৃহমন্ত্রী আৰু দলৰ সর্বভাৰতীয় সভাপতিৰ স’তে এই বৈঠকতেই পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রীৰ দলবদল চূড়ান্ত হ’ব পাৰে । অমৰিন্দৰৰ সংবাদ উপদেষ্টা ৰবিন ঠুকৰালে আজি কয়, ‘‘অমৰেন্দৰে সম্প্ৰতি দিল্লীত ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিছে । তাত তেওঁ কেইজনমান বন্ধুৰ স’তে দেখা কৰিব । ইয়াকে লৈ অযথা জল্পনাৰ প্রয়োজন নাই ।’’

প্রাক্তন ৰাষ্ট্ৰীয় ক্রিকেটাৰ সিদ্ধুক যোৱা ১৫ জুলাইত পঞ্জাৱ প্রদেশ কংগ্রেছৰ দায়িত্ব দিয়া হৈছিল । তাৰ পাছতেই তৎকালীন মুখ্যমন্ত্রী অমৰিন্দৰৰ স’তে তেওঁৰ সংঘাত প্রকাশ্যত আহে । লোকসভা আৰু ৰাজ্যসভাৰ প্রাক্তন সাংসদ সিদ্ধু অমৰিন্দৰ মন্ত্রিসভাৰো সদস্য আছিল । ২০১৭ত তেওঁ বিজেপি ত্যাগ কৰি কংগ্রেছত যোগ দিয়ে । অৱশ্যে কংগ্রেছত থকাৰ কথা জনালেও পদত্যাগ পত্ৰত কংগ্রেছ সভানেত্রীক সিদ্ধুৱে লিখে, ‘পঞ্জাৱৰ ভৱিষ্যৎ আৰু উন্নয়নৰ স্বাৰ্থত ম‌ই কোনো আপোচ নকৰো ।’

বিগত ১৮ ছেপ্টেম্বৰত চণ্ডীগড়ৰ ৰাজভৱনত ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতক পদত্যাগ পত্ৰ দিয়াৰ পাছতেই ‘বিকল্প পথৰ’ কথা জনাই কংগ্রেছ ত্যাগ কৰাৰ ইংগিত দিছিল পঞ্জাৱ ৰাজনীতিৰ ‘কেপ্টেইনে’ । ইয়াৰ পূৰ্বে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক জনাইছিল, অপমান সহ্য কৰি তেওঁ আৰু দলত থাকিব নিবিচাৰে । আগন্তুক বৰ্ষৰ ফেব্রুৱাৰী-মার্চত পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । অমৰিন্দৰৰ দল ত্যাগত কংগ্রেছৰ বৃহৎ ক্ষতি হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকৰ একাংশ‌ই মত প্ৰকাশ কৰিছে ।

৮০ৰ দশকত অমৃতসৰৰ স্বর্ণমন্দিৰত সেনা অভিযানৰ প্রতিবাদত কংগ্রেছ ত্যাগ কৰিছিল পাটিয়ালাৰ ৰাজ পৰিয়ালৰ সন্তান তথা প্রাক্তন সেনা বিষয়া অমৰিন্দৰে । যোগ দিছিল শিৰোমণি অকালি দলত । কিন্তু কিছু বছৰৰ পাছতে তেওঁ পুনৰ কংগ্রেছত উভতিছিল । এইবাৰ সিদ্ধুৰ স’তে মতবিৰোধিতাৰ বাবে মুখ্যমন্ত্রিত্ব হেৰুৱাবলগীয়া হয় অমৰেন্দৰে । তেওঁ অৰবিন্দ কেজৰিৱালৰ আম আদমি পার্টী (আপ)-ত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।

কৃষি আইন বিৰোধী আন্দোলনৰ ফলত পঞ্জাৱ ৰাজনীতিত অচল হৈ পৰিছে বিজেপি । দীর্ঘদিনৰ সহযোগী অকালি দলেও ইতিমধ্যে এনডিএ জোঁট ত্যাগ কৰিছে ।

Exit mobile version