এইছপিচি আৰু কাগজকলৰ কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰীৰ স’তে চুক্তি স্বাক্ষৰ

Himanta Biswa Sarma tw3

হিন্দুস্তান পেপাৰ মিল (এইছপিচি) আৰু কাচাৰ আৰু নগাঁও কাগজকলৰ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে এইছপিচি-ৰ সকলো ইউনিয়ন আৰু সমিতিয়ে অসম চৰকাৰৰ স’তে এক চুক্তিত সহমত হয় ।

কালিৰ আলোচ্য মূল বিষয়সমূহ হৈছে –

● এইছপিচি-ৰ সম্পদ ৰাজ্য চৰকাৰৰ জিম্মাত থাকিব ।
● অসম চৰকাৰে জমা দিয়া এনচিএলটি প্ৰস্তাৱ অনুমোদনৰ দুমাহৰ ভিতৰত ৫৭০ কোটি টকাৰ সাহায্য পেকেজ বিতৰণ কৰা হ’ব ।
● এইছপিচি-ৰ ১০০ যুৱ কৰ্মচাৰীক ‌চৰকাৰী চাকৰি দিয়া হ’ব ।
● এইছপিচি-ৰ অধীনস্থ চিকিৎসালয়ৰ ডাক্তৰ-নাৰ্ছক স্থায়ী চাকৰি প্ৰদান কৰা হ’ব ।

দীৰ্ঘ আলোচনাৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, ‘অৱশেষত হিন্দুস্তান পেপাৰ কৰ্পোৰেছনৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলৰ স’তে তেওঁলোকৰ বেতন আৰু প্ৰাপ্য সংক্ৰান্ত দীৰ্ঘদিনৰ বিচাৰাধীন সমস্যা সমাধানৰ বাবে চুক্তি হৈছে । মোৰ কাৰ্যালয়ত চাৰি ঘণ্টাৰো অধিক সময় ধৰি আলোচনা হয় আৰু নিশা দুই বজাত সমাপ্ত হয় ।’

Exit mobile version