গোসাঁইগাৱঁৰ টেঙনাভিটা এম ই মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ

WhatsApp Image 2021 09 29 at 5.36.48 PM

কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত টেঙনাভিটা এম ই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আব্দুল মুন্নাফ (১২) যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷

ADVERTISEMENT

মহকুমা খনৰ তুলসীবিল আৰক্ষী চকীৰ অধিনস্থ এক নং টকীয়ামাৰী গাৱঁৰ নিৱাসী মৈনুদ্দিন শ্বেখ আৰু ৰুপ ভানু বিবি’ৰ কনিষ্ঠ পুত্ৰ আব্দুল মুন্নাফ মাদ্ৰাছা’ৰ পৰা উভতি অহাৰ পাছৰ পৰাই নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

ইতিমধ্যে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাৰ লগতে পৰিয়ালটোৱে আত্মীয়ৰ ওচৰত খবৰ লয় যদিও ফুন্নাফ’ৰ কোনো সন্ধান লাভ নকৰি শোঁকত পৰিয়ালটো ভাঙি পৰিছে ৷

হাফ পেন্ট আৰু টিচাৰ্ট পৰিহিত স্বাম বৰণৰ, নাকত টিল থকা ছাত্ৰ গৰাকীৰ নিৰুদ্দিষ্ট হোৱা সময়ত লগত এখন স্কুল বেগ আছিল ৷ কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰ জনৰ কিবা সন্ধান লাভ কৰিলে 9957851952 নাইবা 8473955880 মোৱাইল নম্বৰত পৰিয়ালৰ স’তে নাইবা নিকতবৰ্তী আৰক্ষীৰ স’তে যোগাযোগ কৰাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷

Exit mobile version