তেজপুৰৰ এটা পৰিয়ালৰ ব্যতিক্ৰমী প্ৰচেষ্টা

সৌন্দৰ্য নগৰীত স্হাপন হ’ব লণ্ডনৰ আৰ্হিত ৪৫ফুট উচ্চতাৰ ঘড়ীস্তম্ভ : ভূমি পূজন সম্পন্ন

Screenshot 20210929 162724 WhatsApp

তেজপুৰৰ আদালত চাৰিআলিত স্হাপন কৰা হ’ব লণ্ডনৰ ‘ক্লক টাৱাৰ’ আৰ্হিৰ এটা ঘড়ী স্তম্ভ ৷ আজি পুৱা ন বজাত এই ঘড়ী স্তম্ভ নিৰ্মানৰ বাবে আদালত চাৰিআলিত ভূমি পূজন সম্পন্ন কৰা হয়৷

আজি ভূমি পূজনত অংশ লৈ শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে প্ৰকাশ কৰা মতে,৪৫ফুট উচ্চতাৰ এই ঘড়ী স্তম্ভৰ বাবে প্ৰয়োজনীয় স্তম্ভ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব আৰু অহা ছমাহৰ ভিতৰত এই স্তম্ভ সম্পূৰ্ণ কৰা হ’ব ।

আনহাতে,তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই এই অনুষ্ঠানত অংশ লৈ এই ঘড়ী স্তম্ভটো ইউৰোপৰ আৰ্হিত আৰু ভাৰতীয় কলাৰ স্পৰ্শৰে নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

তথ্য অনুসৰি এই আদালত চাৰিআলিত যি কাৰুকাৰ্যখচিত ঘড়ী স্তম্ভ নিৰ্মান কৰা হ’ব সেই বিশেষ কাৰুকাৰ্য খচিত ঘড়ীটো নিৰ্মান কৰা হ’ব কলকতাত ৷

উল্লেখযোগ্য যে তেজপুৰৰ এগৰাকী ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী প্ৰয়াত মনোৰঞ্জন নাথৰ স্মৃতিত নাথৰ চাৰি পুত্ৰই এই ঘড়ী স্তম্ভ নিৰ্মানৰ সম্পূৰ্ণ ব্যয় বহন কৰিব ৷

২০১২ৰ ২৬ জানুৱাৰীত বিয়োগ ঘটা নাথৰ স্মৃতিত তেওঁৰ পৰিয়ালে তেজপুৰৰ সৌন্দৰ্য আৰু ইতিহাসৰ স’তে খাপ খোৱাকৈ তথা ৰাজ্যখনৰ ভিতৰত এক উল্লেখনীয় ঘড়ী স্তম্ভ নিৰ্মানৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান শোণিতপুৰ প্ৰশাসনৰ সহযোগত এই পৰিকল্পনা বাস্তৱ হ’বলৈ আগবাঢ়িছে৷

আজি পুৱা প্ৰশাসনৰ বিষয়া বৰ্গৰ লগতে ৰাইজৰ উপস্থিতিত ইয়াৰ বাবে ভূমিপূজন সম্পন্ন হোৱাৰ পাছত এই ঘড়ী স্তম্ভৰ দাঁতা দিলীপ নাথ,বাবুল নাথ,প্ৰদীপ নাথ আৰু প্ৰণৱ নাথে কয় যে,এই কামৰ বাবে ব্যয়ৰ পৰিমান নিৰ্দ্ধাৰণ কৰা হোৱা নাই আৰু ইয়াৰ বাবে যিমান প্ৰয়োজন সিমানেই ব্যয় কৰিব পৰিয়ালটোৱে৷

প্ৰথম অৱস্হাত এই ঘড়ী স্তম্ভটো নিৰ্মানৰ বাবে ৩৫ লাখ টকা ব্যয় হ’ব বুলি ধাৰণা কৰা হৈছিল য’দিও বৰ্তমান কাৰিকৰী বিশেষজ্ঞ সকলৰ স’তে হোৱা আলোচনাৰ পাছত ইয়াৰ বাবে প্ৰায় ৬০লাখ টকা ব্যয় হ’ব বুলিও নাথ পৰিয়ালে প্ৰকাশ কৰিছে৷এই ঘড়ী স্তম্ভ পৰ্যটক সকলৰ বাবেও এক আকৰ্ষণ হৈ উঠিব বুলি তেওঁলোকে আশা ব্যক্ত কৰিছে৷

Exit mobile version