Afghanistan : স্তব্ধ হৈ থকা বিমান চলাচল পুনৰ আৰম্ভ কৰিবলৈ ভাৰতক পত্ৰ লিখি আবেদন জনালে তালিবানে

613b08ae33316

তালিবান শাসিত কাবুলৰ পৰা পত্ৰ আহিল দিল্লীলৈ । পত্ৰত স্তব্ধ হৈ থকা বিমান যোগাযোগ পুনৰায় আৰম্ভ কৰাৰ আবেদন জনাইছে তালিবান নেতৃত্ব‌ই । ১৫ আগষ্টত কাবুলৰ পতনৰ পাছৰ পৰাই ভাৰত-আফগানিস্তান যোগাযোগ বন্ধ হৈ পৰে । তালিবানৰ স’তে বৈঠক লৈও আপত্তি আছে ভাৰতৰ । এই পৰিপ্রেক্ষিততে কাবুলৰ পৰা তালিবানৰ পত্ৰ নতুন সম্ভাৱনাৰ ইংগিত নেকি তাৰে পৰ্যালোচনা কৰিছে কূটনৈতিক বিশেষজ্ঞসকলে ।

সূত্রৰ খবৰ, ডিৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েছন অৰুণ কুমাৰৰ উদ্দেশত সাত ছেপ্টেম্বৰত প্ৰেৰণ কৰা তালিবানৰ পত্ৰত হামিদুল্লা আখুন্দজাদাৰ স্বাক্ষৰ আছে । পত্ৰত প্রাথমিক শুভেচ্ছাৰ পাছত আখুন্দজাদাই লিখে, ‘আপুনি নিশ্চয় অৱগত যে আমেৰিকাৰ বাহিনীয়ে আফগানিস্তান ত্যাগ কৰাৰ আগতে বিমানবন্দৰটো ধ্বংস কৰি যায় । কাতাৰৰ ভাতৃসকলৰ সাহায্যত আমি পুনৰ বিমানবন্দৰটো পূৰ্বৰ অৱস্থাত ঘূৰাই আনিছো ।’ ইয়াৰ পাছতেই ভাৰতৰ স’তে স্তব্ধ হৈ থকা বিমান যোগাযোগ পুনৰ আৰম্ভ কৰাৰ আবেদন জনায় আফগানিস্তানৰ নতুন চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্রী আখুন্দজাদাই ।

ভাৰতে এতিয়াও আনুষ্ঠানিকভাৱে তালিবান চৰকাৰক স্বীকৃতি দিয়া নাই । যোৱা ৩১ আগষ্টত দোহাত তালিবান প্রতিনিধি স্তানেকজাইৰ স’তে বৈঠকত মিলিত হৈছিল ভাৰতৰ ৰাষ্ট্রদূত দীপক মিত্তল । পাছত ইছলামিক এমিৰেট অৱ আফগানিস্তানৰ তৰফৰ পৰা ভাৰতক বিমান যোগাযোগ পুনৰ আৰম্ভ কৰাৰ আবেদন জনাই ডিজিচিএ-ক পত্ৰ দিয়া হয় । এই কাৰ্যক তাৎপর্যপূর্ণ বুলি ধাৰণা কৰিছে কূটনীতিকসকলে ।

Exit mobile version