UN : চাৰিশ বছৰৰ ভিতৰত পৃথিৱী হৈ পৰিব এটা ভিন্‌গ্ৰহ ! দাবী ৰাষ্ট্ৰসংঘৰ বিজ্ঞানীসকলৰ

200911 wildfire california worst widlfire year se 236p

চাৰিশ বছৰৰ ভিতৰত বাসযোগ্য এই নীলাভ গ্রহটো মানৱসভ্যতাৰ বাবে হৈ পৰিব এটা ভিন্‌গ্রহ । অতি দ্রুতগতিত জলবায়ু পৰিৱর্তনৰ ফলত পৃথিৱী আৰু বাসযোগ্য হৈ নাথাকিব । এয়া কোনো জ্যোতিষীৰ পূর্বাভাস নহয় । এই সতৰ্কবাণী দিছে ৰাষ্ট্ৰসংঘৰ বিজ্ঞানীসকলে । আন্তর্জাতিক জলবায়ু বিজ্ঞান গৱেষণা পত্রিকা ‘গ্লোবেল চেঞ্জ বায়োলজি’-ত সদ্য প্রকাশিত গবেষণাপত্র ‘ইউনাইটেড নেচন্স এছেছমেন্ট অৱ নেছনেলী ডিটাৰমাইণ্ড কন্ট্রিবিউছন্স’ত এই কথা জনোৱা হৈছে ।

এই প্ৰতিবেদনত জনোৱা হৈছে, সম্প্রতি বিভিন্ন ৰাষ্ট্র‌ই গ্রিনহাউছ গেছ নির্গমনৰ পৰিমাণ কমাবৰ বাবে যিসমূহ প্রতিশ্রুতি দিছে, সেইসমূহ সম্পূৰ্ণভাৱে পূৰণ কৰিলেও ৭৯ বছৰৰ ভিতৰত পৃথিৱীৰ গড় তাপমাত্রা প্রাক শিল্পযুগতকৈ প্ৰায় ২.৭ ডিগ্রী চেলচিয়াছ বৃদ্ধি পোৱাৰ শংকা আছে বুলি দাবী কৰিছে বিজ্ঞানীসকলে । ফলত বিশ্বজুৰি সঘনাই ভয়ংকৰ দাবানলৰ সৃষ্টি হ’ব । একেদৰে ধুমুহা, ঘূর্ণিবতাহ, খৰাং, বানপানী, তাপপ্রবাহ আৰু শীতপ্রবাহৰ তীব্রতা আৰু সংখ্যা ইমানেই অকল্পনীয়ভাৱে বাঢ়ি যাব যে ২১০০ত পৃথিৱী বাসযোগ্য হৈ নাথাকিব । ফলত, মানৱসভ্যতাৰ বাবে ই এটা ভিন্‌গ্রহ হৈ পৰিব । কেৱল সেয়াই নহয়, স্থল আৰু জলৰ যাৱতীয় বাস্তুতন্ত্রৰো আমূল পৰিৱর্তন ঘটিব ।

পেৰিছ জলবায়ু চুক্তিত আগতেই সতৰ্কবাণী দিয়া হৈছিল যে, ২১০০ৰ ভিতৰত পৃথিৱীৰ গড় তাপমাত্রা-বৃদ্ধিক প্রাক শিল্পযুগতকৈ দুই ডিগ্রী চেলচিয়াছৰ ভিতৰত ৰাখিব‌ই লাগিব । অন্যথা, শীঘ্ৰেই পার্থিব সভ্যতাৰ অন্ত হ’ব ।

গৱেষকসকলে পৰ্যৱেক্ষণত পাইছে যে, ২১০০ৰ পাছতো পৃথিৱীৰ গড় তাপমাত্রা বৃদ্ধি ৰোধ কৰা সম্ভৱ নহ’ব । ফলত, বিশ্বজুৰি প্রচুৰ কৃষি ভূমি সম্পূৰ্ণৰূপে অনুর্বৰ হৈ পৰিব । সেইবোৰ লাহে লাহে পৃথিৱীৰ দুই মেৰুৰ দিশে গতি কৰিব । যিহেতু দুই মেৰুৰ বৰফো ইমানদিনে গলি সমুদ্রৰ জলস্তৰ বৃদ্ধি কৰাৰ লগতে বৰফৰ চামনিৰ তলত লুকাই থকা স্থলভাগকো ওপৰত তুলি আনিব । আমাজন নদীৰ অববাহিকা চাৰিশ বছৰৰ ভিতৰত একেবাৰে শুকাই যাব ।

তাপপ্রবাহৰ তীব্রতা আৰু ঘটনাৰ সংখ্যা ইমানেই বাঢ়ি যাব যে ভাৰতসহ ট্রপিকেল অঞ্চলৰ দেশবোৰত, সমগ্ৰ অঞ্চলেই অ-বাসযোগ্য হৈ পৰিব ।

Exit mobile version