কামৰ অধিকাৰতকৈ জীৱনৰ মূল্য অধিক: ফটকা নিষেধাজ্ঞাক লৈ মত উচ্চতম ন্যায়ালয়ৰ

suresh bhai fatake wala kurla west mumbai fire cracker wholesalers 0nhmqzrzrl

সম্প্রতি দেশত আতচবাজীত নিষেধাজ্ঞা আৰােপ বিষয়ক এক গােচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এই গােচৰৰ শুনানিত সর্বোচ্চ ন্যায়ালয়ে ক’লে যে কামৰ অধিকাৰতকৈ মানুহৰ জীৱনৰ মূল্য অধিক।

অলপতে উচ্চতম ন্যায়ালয়ে আতচবাজী প্রস্তুতকাৰকক উদ্দেশি কয় যে ২০১৮ আদালতৰ ৰায়ত ফটকা তৈয়াৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰাৰ ক্ষেত্ৰত যিসকল লােক কর্মহীন হ’লতেওঁলােকৰ কামৰ অধিকাৰৰ তুলনাত নিৰীহ নাগৰকিৰ জীৱনৰ অধিকাৰ অধিক গুৰুত্বপূর্ণ।

উল্লেখ্য যে আতচবাজী তৈয়াৰৰ ওপৰত আৰোপ কৰা নির্দেশনাৰ বিৰােধিতাৰে ফটকা প্রস্তুতকাৰক কাৰখানাৰ স্বত্বাধিকাৰীয়ে সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

গােচৰীয়াৰ হৈ অধিবক্তাই লক্ষাধিক লােকৰ কর্মসংস্থাপনৰ অধিকাৰৰ যুক্তি দৰ্শাইছিল। গােচৰৰ শুনানি সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এই ব’পান্নাৰ বিচাৰপীঠে কয়, ‘কর্মসংস্থাপনৰ অধিকাৰৰ যুক্তিৰে আমি আন নাগৰিকৰ জীৱনক লৈ হেতালি খেলিবলৈ দিব নােৱাৰাে।

আমি কর্মসংস্থাপনৰ অধিকাৰ আৰু নাগৰিকৰ জীৱন যাপনৰ অধিকাৰৰ মাজত নাৰসাম্য বৰ্তাই ৰাখিব লাগিব। কিন্তু আমাৰ প্রধান লক্ষ্য হৈছে ফটকা ব্যৱহাৰৰ ফলত নিৰীহ নাগৰিকৰ জীৱনৰ অধিকাৰ ৰক্ষা কৰা।”

Exit mobile version