দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এয়ে প্ৰথম কৰ’নাৰ সংক্ৰমণৰ ফলত মানুহৰ আয়ুসকাল সৰ্বাধিক অৱনমিত হ’ল

অক্সফ'ৰ্ডৰ অধ্যয়নৰ তথ্য : কৰ'নাৰ ফলত হ্ৰাস পালে দুবছৰ আয়ুস

20210309 covid

কৰ’না ভাইৰাছৰ ব্যাপক সংক্রমণৰ পৰিণতিত মানুহৰ জীৱন কাল যথেষ্ট প্রভাৱিত হৈছে। অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ গৱেষকে এই সন্দৰ্ভত চলােৱা এক অধ্যয়নৰ তথ্য অনুসৰি কৰ’নাৰ আগমনৰ পাছত পৃথিৱীবাসীৰ আয়ুস ক্রমে হ্রাস পাইছে।

সবাতােকৈ অধিক আমেৰিকাৰ পুৰুষৰ জীৱন কাল ২.২ বর্ষ হ্রাস পালে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এয়ে প্রথম কৰ’নাৰ সংক্ৰমণৰ ফলত মানুহৰ আয়ুসকাল সর্বাধিক অৱনমিত হ’ল। এই সমীক্ষাৰ তথ্যত উল্লেখ কৰা মতে, বিশ্বৰ ২৯ খন দেশৰ ২৭ খনত ২০১৯ৰ তুলনাত ২০২১ত মানুহৰ গড় আয়ুস নিম্নমুখী হ’ল।

সমীক্ষাটোত ইউৰােপীয় দেশ, সংযুক্ত আমেৰিকা আৰু চিলিক সামৰি লােৱা হৈছিল। বর্তমানলৈকে বিশ্বত ৪৭ লাখৰাে অধিক লােকৰ প্রাণকাঢ়িলে ক’ভিড-১৯ৰ ব্যাপক সংক্রমণে।

কেৱল আমেৰিকাতে সাত লাখৰাে অধিক লােকে কৰ’নাত প্রাণ হেৰুৱালে। গৱেষণামূলক অধ্যয়নটোৰ মতে, অধিকাংশ দেশত কৰ’না কালত মহিলাৰ তুলনাত পুৰুষৰ আয়ুস অধিক অৱনমতি হ’ল।

১৫ খন দেশত পুৰুষৰ গড় আয়ুস এবছৰৰ অধিক হ্রাস পালে। আনহাতে, ১১ খন দেশত মহিলাৰ গড় আয়ুস বিগত দুবছৰত অধিক হ্রাস পালে।

Exit mobile version