নগাঁৱত আৰক্ষীৰ জালিয়াতি চক্ৰ গ্ৰেপ্তাৰ

বহু সংখ্যক ভুৱা প্ৰমান পত্ৰ উদ্ধাৰ

নগাঁও চহৰৰ মধুপুৰত যোৱা নিশা আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই উদ্ধাৰ কৰিছে বহু সংখ্যক ভুৱা প্ৰমাণপত্ৰ । গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, ছেবা, অনুসূচিত জাতি, ভূমিৰ পঞ্জীয়ণ, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰমাণপত্ৰ, বহু সংখ্যক ছীল মোহৰ, মাটিৰ জমা বন্দী কপি, জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে নগাঁৱৰ কেইবাখনো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰমাণ পত্ৰ উদ্ধাৰ হৈছে আৰক্ষীৰ এই অভিযানত ।

নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে চহৰখনৰ মধুপুৰৰ মকবুল হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে এই ভুৱা প্ৰমাণপত্ৰ সমূহ ।

সূত্ৰ অনুসৰি, আব্দুল খালেক আৰু মকবুল হুছেইনে দীৰ্ঘদিন ধৰি জালিয়াতিৰে বিভিন্ন লোকক ভুৱা প্ৰমাণপত্ৰ যোগান ধৰি আহিছিল । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বহু চৰকাৰী বিষয়া আৰু বহু স্কুলৰ প্ৰধান শিক্ষক এই চক্ৰটোৰ সৈতে জড়িত । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবেও এই চক্ৰটোৱে ভুৱা নথিপত্ৰ যোগান ধৰি আহিছিল । ইতিমধ্যে আৰক্ষীয়ে মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে যদিও আব্দুল খালেকে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগেই পলায়ন কৰিবলৈ সক্ষম হৈছে । বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version