COVID-19 : বাংগালুৰুৰ এখন বিদ্যালয়ত ৬০ ছাত্ৰ কৰ’নাত আক্রান্ত

bengaluru 60 students test covid positive 2 1632972135

কর্ণাটকৰ বাংগালুৰুত এখন বিদ্যালয়ত ৬০ জন ছাত্র-ছাত্রী ক’ভিড-১৯ত সংক্রমিত হ’ল। এই ঘটনাৰ পাছতে বিদ্যালয়খন সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ল।

বাংগালুৰুৰ ইলেকট্রনিক চিটিৰ এখন আৱাসিক স্কুলত ৬০ জন ছাত্র-ছাত্রীৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্রমণ চিনাক্ত কৰা হৈছে।

এজন ছাত্র তীব্র জ্বৰত আক্ৰান্ত হৈছিল আৰু পৰীক্ষা কৰাত তেওঁৰ শৰীৰত কৰ’না ভাইৰাছৰ সংক্রমণ নিশ্চিত হয়। সম্প্রতি আক্রান্ত ছাত্ৰজন লেডি কার্জন এণ্ড বৰিংগ হাস্পতালত চিকিৎসাধীন হৈ আছে। আনসকল ছাত্র-ছাত্রীক শ্রীচৈতন্য গাৰ্লছ ৰেচিডেন্সিয়েল স্কুলত নিভৃতবাসত ৰখা হৈছে।

Exit mobile version