Japan : জাপানৰ প্রাক্তন বৈদেশিক মন্ত্রী হ’ব দেশৰ পৰৱর্তী প্রধানমন্ত্রী

2021 09 29T093456Z 1929414700 RC2LZP9RVBH0 RTRMADP 3 JAPAN POLITICS NEWSER

জাপানৰ প্রাক্তন বৈদেশিক মন্ত্রী ফুমিঅ’ কিশ্বিডা শাসনাধিষ্ঠিত দলৰ নেতা নির্বাচিত হ’ল। এই জয়ৰ জৰিয়তে কিশ্বিডা জাপানৰ পৰৱর্তী প্রধানমন্ত্রী নিযুক্ত হােৱাৰ পথ প্রশস্ত হ’ল।

কিশ্বিডাই বৰ্তমানৰ জাপানৰ প্রধানমন্ত্রী য়’চিহিডে ছুগাৰ স্থান গ্রহণ কৰিব। যােৱা বছৰৰ ছেপ্টেম্বৰত ছুগাই জাপানৰ প্রধানমন্ত্রী দায়িত্ব লাভ কৰাৰ পাছত অলপতে পদত্যাগৰ কথা ঘোষণা কৰিছিল।

লিবাৰেল ডেমক্রেটিক পার্টি নৱ নির্বাচিত নেতা হিচাপে সংসদত অহা সােমবাৰে কিশ্বিডা জাপানৰ পৰৱর্তী প্রধানমন্ত্রী নির্বাচিত হােৱাটো নিশ্চিত হ’ল। কিশ্বিডাই দলৰ নেতাৰ পদৰ নিৰ্বাচনত জাপানৰ টিকাকৰণ মন্ত্রী তাৰ’ ক’ন’ক পৰাভূত কৰে।

Exit mobile version