ইটালীৰ চলচ্চিত্র মহােৎসবলৈ প্ৰদৰ্শনৰ বাবে নির্বাচিত

মুন্না আহমেদ পৰিচালিত ,অসমীয়া ছবি ‘সুবালা’

munna ahmed 1089947 31 01 2018 04 32 45

তলাবন্ধ জনিত পৰিস্থিতিত অসমীয়া ছবিজগতলৈ হতাশাৰ যি ক’ৰাল ছায়া নামি আহিছে তাৰ মাজত আনন্দৰ আশা সঞ্চাৰ কৰি এক ভাল খবৰ কঢ়িয়াই আনিছে ।

প্রথিতযশা সাহিত্যিক হােমেন বৰগােহাঞিৰ বহু চর্চিত উপন্যাস ‘সুবালা’ৰ আধাৰত আগশাৰীৰ চলচ্চিত্র বিতৰক, প্রযােজক আব্দুল মান্নান ফাৰুক আৰু আব্দুল মুক্তাদিৰে প্রযােজনা কৰা আৰু বিশিষ্ট পৰিচালক মুন্না আহমেদে পৰিচালনা কৰা সু’বালা দা ডার্কনেছ উইদিন’ নামৰ ছবিখনে ইটালীৰ এটি আগশাৰীৰ চলচ্চিত্র মহােৎসৱত চিনেমা অৱ দা নেশ্যনছ শাখাত প্রদর্শনৰ বাবে নির্বাচিত হৈছে।

ইয়াৰ পূর্বে ছবিখন লণ্ডন আৰু আমেৰিকাৰ হলীউডত চলচ্চিত্র মহােৎসৱততা প্রদর্শন বাবে নির্বাচিত হৈছে।

ছবিখনৰ নামভূমিকাত অভিনয় কৰিছে শিশু শিল্পী অপ্সৰা দাস আৰু হিন্দী, তামিল, তেলেগু ভাষাৰ কে’বাখনাে জনপ্রিয় ছবিত শক্তিশালী অভিনয় কৰা পুনে এফ টি আইৰ পৰা অভিনয়ত সুখ্যাতিৰে উত্তীর্ণ উর্মিলা মহন্তই।

আন প্রধান চৰিত্ৰসমূত অভিনয় কৰিছে অতুল পাচনি, প্রতিভা চৌধুৰী, হিমাংশু প্রসাদ দাস, প্রণামী বৰা, শিশু শিল্পী অপ্সৰা দাস, পদ্মৰাগ গােস্বামী, সিদ্ধার্থ মুখার্জী, নীলা শইকীয়া প্ৰমুখ্যে শিল্পীসকলে।

আজান ফিল্মছৰ বেনাৰত নির্মিত ইতিমধ্যে চেন্সৰ ব’র্ড পৰা কেৱল প্রাপ্তবয়স্ক দর্শকৰ বাবে প্ৰদৰ্শনৰ ‘এ’ প্রমানপত্র প্রাপ্ত ছবিখনৰ চিত্রনাট্য আৰু সংলাপ অভিস্কা ফুকনৰ।

আৱহ সংগীত তৰালী শৰ্মাৰ। দৃশ্য গ্ৰহণ কৰিছে সুমন দুৱৰাই। সম্পাদনা দেবাংকৰ বুঢ়াগোঁহাইৰ। ছবিখন আগন্তুক নৱবৰ্ষত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।

Exit mobile version