এন আৰ এলৰ মুখ্য দ্বাৰত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ

অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ জালিয়াতিৰ বিৰুদ্ধে সৰৱ সংগঠন

নুমলীগড়ৰ এন‌আৰ‌এলৰ মুখ্যদ্বাৰত সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা গোলাঘাট সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এন‌আৰ‌এলৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ভুৱা অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ লৈ কৰ্মৰত হৈ থকাৰ অভিযোগ আনি এই প্ৰতিবাদ । প্ৰায় ১৫ জনতকৈও অধিক ব্যক্তিয়ে ভুৱা প্ৰমাণপত্ৰ দি কৰ্মৰত হৈ থকাৰ অভিযোগ সংগঠনটোৰ ।

ADVERTISEMENT

ইফালে, সংগঠনটোৱে দুটা বছৰৰ আগৰ পৰাই এনেদৰে ভুৱা প্ৰমাণপত্ৰ লৈ এন‌আৰ‌এলত একাংশ লোকে চাকৰি কৰি অহাৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় আহিছিল । কিন্তু এন‌আৰ‌এল কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে আজিৰ পৰা এনেদৰে সংগঠনটোৱে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লয় ।

লগতে প্ৰতিবাদ স্থলীৰ পৰাই সংগঠনটোৱে অতি শীঘ্ৰে এন‌আৰ‌এল কৰ্তৃপক্ষই এই সকল ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে । অন্যথা অনাগত সময়ত জংঘী আন্দোলন কাৰ্যসূচী হাতত ল’ব বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

Exit mobile version