চীনৰ ঋণৰ ফান্দত জৰ্জৰিত মধ্য এছিয়া-আফ্ৰিকাৰ বহু দেশ : প্ৰতিবেদনত চাঞ্চল‍্যকৰ তথ্য

chinaflag 063021getty

চীনৰ বহুচর্চিত ‘বেল্ট এণ্ড ৰােড’ প্ৰকল্পৰ ফলত বিশ্বৰ অনেক আর্থিকভাৱে দুর্বল দেশ গুপ্ত ঋণৰ ফালত আবদ্ধ হৈছে বুলি দাবী কৰিলে আমেৰিকাৰ এক বিশেষজ্ঞ প্রতিষ্ঠানে।

সংস্থাটোৱে দাবী কৰা অনুসৰি, চীনৰ ওচৰত এই দেশসমূহৰ অজানা ঋণৰ পৰিমাণ হৈছে ৩৮,৫০০ কোটি ডলাৰ। প্রতিষ্ঠানটোৰ প্রতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, চীনে মুঠ ১৬৩ খন দেশত পথ, সেতু, বন্দৰ আৰু চিকিৎসালয় নির্মাণত মুঠ ৮৪,৩০০ কোটি ডলাৰ বিনিয়ােগ কৰিছে।

চীনে ধন বিনিয়ােগ কৰা এই দেশসমূহৰ মাজত আফ্রিকা আৰু মধ্য এছিয়াৰ বহু দেশ আছে। বিশেষজ্ঞ সংস্থাটোৱে জনােৱা অনুসৰি, ৮৪,৩০০ কোটি ডলাৰৰ ৭০ শতাংশ সংশ্লিষ্ট দেশৰ কেন্দ্ৰীয় বেংক বা চীনা বা সেই দেশৰ সংস্থাৰ যৌথ উদ্যোগত তৈয়াৰী কোনাে সংস্থাক ঋণ হিচাপে প্ৰদান কৰা হৈছে।

কিন্তু আর্থিকভাৱে দুর্বল বহু দেশৰ চৰকাৰে চীনৰ এই ঋণ গ্রহণ কৰিব পৰা নাই। ফলত চীনে অন্য পথৰ অৱলম্বন কৰিছে। চীনে একাংশ সংস্থাক ঋণ দিছে আৰু এই ঋণ চৰকাৰী ঋণ নহয় বুলি ঘােষণা কৰিছে।

ফলত এনে সংস্থাৰ পৰা ঋণ গ্রহণ কৰা দেশসমূহ আগন্তুক সময়ত বিপদত পৰাৰ আশংকা আছে। মার্কিন সংস্থাটোৱে দাবী কৰা অনুসৰি চীনে মূলতঃ মধ্য এছিয়া আৰু আফ্রিকাৰ দেশক ঋণগ্রস্ত কৰিবলৈকে কৌশলপূর্ণভাৱে ‘বেল্ট এণ্ড ৰােড’ প্রকল্প গ্রহণ কৰিছে।

Exit mobile version