Britney Spears : পিতৃৰ আইনী ৰক্ষণাবেক্ষণৰ পৰা মুক্ত লাভ ব্রিটনী স্পীয়াৰ্ছৰ

Britney Spears Getty 2021

আমেৰিকাৰ জনপ্রিয় পপ তাৰকা ব্রিটনী স্পীয়াৰ্ছে অৱশেষত পিতৃ জেমী স্পীয়াৰ্ছৰ ৰক্ষণাবেক্ষণৰ পৰা মুক্তি লাভ কৰিলে।

ব্রিটনী মানসিকভাৱে অস্থিৰ হােৱাৰ কাৰণ প্ৰদৰ্শনৰে পিতৃ জেমীয়ে মার্কিন আদালতৰ পৰা কন্যাৰ হৈ সকলাে সিদ্ধান্ত গ্রহণৰ আৰু ৰক্ষণাবেক্ষণৰ আইনী অধিকাৰ লাভ কৰিছিল।

পিতৃৰ এনে আচৰণত অতিষ্ঠ হৈ ব্রিটনীয়ে আদালতৰ দ্বাৰস্থ হৈছিল আৰু অৱশেষত আমেৰিকাৰ সর্বোচ্চ ন্যায়ালয়ে ব্রিটনীক পিতৃৰ আইনী ৰক্ষণাবেক্ষণৰ পৰা ৰেহাই দিয়ে।

সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ব্ৰেণ্ডা পেনীয়ে কালি ব্রিটনীৰ পিতৃয়ে লাভ কৰা কন্যাৰ ৰক্ষণাবেক্ষণৰ আইনী অধিকাৰৰ ম্যাদ সমাপ্ত ঘােষণা কৰিলে।

জেমীয়ে ২০০৮ তে আদালতৰ জৰিয়তে কন্যাৰ ব্যক্তিগত জীৱন সুৰক্ষাৰ বাবে এই আইনী অধিকাৰ লাভ কৰিছিল।

Exit mobile version