COVID-19 : ৩৭ শতাংশ ৰোগীৰ শৰীৰত তিনিৰ পৰা ছমাহলৈকে কৰ’নাৰ বিভিন্ন উপসর্গ অব্যাহত থকাৰ প্ৰমাণ লাভ

প্ৰতি তিনিজন ক'ভিড ৰোগীৰ এজনৰ দেহত দীৰ্ঘকালীন উপসর্গ

2020 12 22T211841Z 105255337 RC2ISK9OWK9V RTRMADP 3 HEALTH CORONAVIRUS PERU

কৰ’না ভাইৰাছত সংক্রমিত হােৱাৰ পাছত ক’ভিড-১৯ৰ প্রায় ৩৭ শতাংশ ৰােগীৰ শৰীৰত তিনি পৰা ছমাহলৈকে কৰ’নাৰ বিভিন্ন উপসর্গ অব্যাহত থকাৰ প্রমাণ লাভ কৰা হৈছে।

ব্রিটেইনৰ স্বাস্থ্য গৱেষকে শেহতীয়াভাৱে চলােৱা এক অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ক’ভিডত আক্রান্ত হােৱা প্রতি তিনিজন ৰােগীৰ ভিতৰত কমেও এজনৰ শৰীৰত ক’ভিডৰ দীর্ঘকালীন লক্ষণ প্রত্যক্ষ হৈছিল।

অক্সফ’র্ড বিশ্ববিদ্যালয়, নেচনেল ইনষ্টিটিউট ফ’ৰ হেলথ ৰিছাৰ্চ (এণ্ড আই এইচ আৰ) আৰু অক্সফ’র্ড হেলথ বায়’মেডিকেল চেণ্টাৰ (বি আৰ চি)ৰ গৱেষকে ক’ভিডত-১৯ত আক্রান্ত হৈ সুস্থ হােৱা ২,৭০,০০০ ৰাে অধিক লােকক সামৰি এই বিষয়ত দীর্ঘ সময়ৰ বাবে অধ্যয়ন চলাইছিল।

অধ্যয়নটোত ব্রিটিছ গৱেষকে লাভ কৰা তথ্য অনুসৰি, কৰ’নাত সুস্থ হােৱাৰ পাছতাে যথেষ্টসংখ্যক ৰােগীৰ শৰীৰত এই ভাইৰাছৰ একাধিক উপসর্গ বৰ্তি আছিল।

দীর্ঘ সময়লৈকে দেখা দিয়া উপসর্গসমূহৰ ভিতৰত মুখ্যত উশাহ-নিশাহ লােৱাত অসুবিধা, পেটৰ অসুখ, ভাগৰ অনুভৱ, বিষ-বেদনা, অস্থিৰতা অনুভৱ, অৱসাদগ্রস্ততা অন্যতম।

গৱেষণাটোৰ নেতৃত্ব প্রদান কৰা ডাঃ মেক্স টাকবেটে এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘অধ্যয়নটোৰ ফলাফলৰ পৰা এই কথা স্পষ্ট হৈছে যে সকলাে বয়সৰ লােকৰ এক বৃহৎ অংশই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত ছমাহলৈকে একাধিক উপসৰ্গত আক্রান্ত হৈছিল।’

যিসকল ৰােগী চিকিৎসালয়ত ভর্তি হৈছিল, তেওঁলােকৰ ক্ষেত্ৰত দীর্ঘকালীন ক’ভিডৰ উপসর্গ অধিক প্রত্যক্ষ হৈছিল বুলিও ডাঃ টাকবেটে জানিবলৈ দিয়ে।

Exit mobile version