KAC : গোসাইগাঁৱত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ-কাৰ্যবাহী সদস্যক সম্বৰ্ধনা

নৱ গঠিত কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কাৰ্যবাহী সদস্য ক্ৰমে প্ৰদীপ ৰায়, কৰ্মেশ্বৰ ৰায় আৰু জিৱেশ ৰায়ক আজি গোসাইগাঁৱত বিপুল সম্বৰ্ধনা জনোৱা হয় । আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতি, মহিলা সমিতিৰ উদ্যোগত আৰু গোসাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত গোসাইগাঁও সদৰ চহৰৰ কমল নাথ ক্লাৱ প্ৰাংগনত আজি বিয়লি তিনি বজাত নৱনিযুক্ত পাৰিষদসকলক কোচৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাৰে ঢাক-ঢোল বজাই নাচনীসকলে আদৰি লয় ।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নৱনিযুক্ত পাৰিষদসকলে সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে ছহীদ বেদীত মাল্যাৰ্পন কৰে ।পাছত আয়োজকসকলে পৰিষদৰ অধ্যক্ষ আৰু পাৰিষদসকলক জাতীয় গামোচাৰে আদৰণি জনায় । সম্বৰ্ধনা অনুষ্ঠানত জাতিৰ হকে আন্দোলন কৰিবলৈ গৈ ছহীদ হোৱা সঞ্জীৱ ৰায় আৰু লালমোহন ৰায়ৰ অভিভাৱকক জাতীয় গামোচাৰে সম্বৰ্ধনা জনায় কে এ চিৰ অধ্যক্ষ তথা পাৰিষদসকলে ।

Exit mobile version