Kim Yo-jong : চৰকাৰী নিকায় শীর্ষ পদত নিযুক্ত হ’ল কীমৰ ভগ্নী

file 20210929 18 1dkmo12

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ প্ৰভাৱশালী ভগ্নী কীম য়’ক জঙক দেশখনৰ শীর্ষ চৰকাৰী নিকায়ত নিযুক্তি প্রদান কৰা হ’ল। চৰকাৰী সংবাদ প্রতিষ্ঠান কে চি এন এৰ বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ শাসকৰ উপদেষ্টা হিচাপে ইমানদিনে পৰিচিত হৈ অহা কীম য়’ক ৰাষ্ট্ৰীয় বিষয়ক আয়ােগৰ শীর্ষ পদত নিযুক্তি দিয়া হৈছে।

ADVERTISEMENT

উত্তৰ কোৰিয়াৰ সংসদেও কীম ভগ্নীৰ এই পদোন্নতিত অনুমােদন জনাইছে। অলপতে আয়ােগে উপাধ্যক্ষসহ কমেও নজন সদস্যক বখাস্ত কৰিছিল।

ইয়াৰ পাছতে ৰাষ্ট্ৰীয় আয়ােগৰ শীর্ষ পদত কীম ভগ্নী য়’ক নিযুক্তিৰ সিদ্ধান্ত লৈছিল উত্তৰ কোৰিয়াৰ স্বেচ্ছাচাৰী শাসকে। উল্লেখ্য যে উত্তৰ কোৰিয়াৰ বিভিন্ন গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰসংগতাে কীম ভগ্নীয়ে প্রয়ােজনীয় সিদ্ধান্ত গ্রহণ কৰি আহিছে।

Exit mobile version