উৎসৱৰ বতৰত দেহবাসীক ক’ভিড সতৰ্কতা অব্যাহত ৰাখিবলৈ পৰামৰ্শ ডা: ৰণদীপ গুলেৰিয়াৰ

আগন্তুক ছয়-আঠ সপ্তাহ হ'ব গুৰুত্বপূৰ্ণ :কৰ'না সন্দৰ্ভত এইমছৰ সকীয়নি

sm3fpcjbywpcdmwz 1614240743 1

ভাৰতত ৩১ খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত বসবাস কৰা ১৮ বছৰ উৰ্বৰ নাগৰিকসকলক ৬০ শতাংশৰাে অধিকে কৰ’নাৰ কমেও এপালি প্রতিষেধক লাভ কৰিলে।

আনহাতে, এই বয়সৰ ২৫ শতাংশ লােকে ইতিমধ্যে টিকাকৰণ সম্পূর্ণ কৰিলে। সামগ্রিকভাৱে দেশৰ বয়স্ক নাগৰিকসকলৰ ৬৯ শতাংশই কমেও এপালি ক’ভিড প্রতিধেষক লাভ কৰিছে।

মুঠ জনসংখ্যাৰ হিচাপত ভাৰতত ৪৬ শতাংশই ক’ভিড প্রতিষেধক লাভ কৰিলে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ কৰা পৰিসংখ্যা অনুসৰি দেশত ৮৮.৯ কোটি প্রতিষেধক প্রদান কৰা হৈছে।

বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি, ক’ভিডৰ দুপালি প্রতিষেধক গ্রহণ কৰা বহু লােকে ক’ভিড বিধি পালন নকৰাৰ ফলত দেশত পুনৰ কৰ’নাৰ সংক্রমণ বৃদ্ধিৰ শংকা প্রকট হৈছে।

বিশেষজ্ঞই কয় যে বিশেষ কেতবােৰ কাৰণত বর্তমানে ক’ভিড বিধি যথেষ্ট শিথিল কৰা হৈছে যদিও নাগৰিকসকলে প্রতিষেধক গ্ৰহণৰ পাছতাে ন্যূনতম ক’ভিড বিধি যেনে মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা, সামাজিক দূৰত্ব বর্তাই ৰখা, ভিৰৰ পৰা আঁতৰি থকা ইত্যাদি নিয়ম পালন কৰাটো অত্যন্ত জৰুৰী।

এনেবােৰ নিয়ম পালনত অৱহেলা কৰাৰ ফলত কেৰালা আদিত কৰ’নাৰ সংক্রমণে পুনৰ ভয়াৱহ ৰূপ লৈছিল বুলি বিশেষজ্ঞই কয়।

সমীক্ষাৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত ক’ভিডৰ এপালি প্রতিষেধক গ্রহণ কৰা ০.১৯ শতাংশ লােক কৰ’নাত আক্ৰান্ত হৈছিল।

আনহাতে, দুপালি প্রতিষেধক গ্রহণ কৰা ০.২৫ শতাংশ লােকো ক’ভিড-১৯ত ৰাজ্যখনত সংক্রমিত হৈছিল। অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ৰ মুৰব্বী ৰণদীপ গুলেৰিয়াই দেশবাসীক ক’ভিড সতর্কতা অব্যাহত ৰাখিবলৈ পৰামর্শ দি কয় যে আগন্তুক ছয়-আঠ সপ্তাহ দেশৰ বাবে ক’ভিডৰ সংক্ৰমণৰ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হ’ব।

উল্লেখ্য যে এই সময়ছােৱাত ভাৰতত দুর্গাপূজা, দীপাৱলীকে ধৰি কে’বাটাও উৎসৱ পালন কৰা হয়। এইমছৰ মুৰব্বীৰ পৰামর্শ অনুসৰি, উৎসৱৰ বতৰত সকলােৱে ক’ভিড বিধি পালনত গাফিলতি কৰিলে ইয়াৰ পৰিণতিত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ আগমন ঘটিব পাৰে।

ডাঃ গুলেৰিয়াই কয় যে যদিহে আমি আগন্তুক ছয়-আঠ সপ্তাহ সাৱধানে থাকো আৰু ক’ভিড বিধি মানি চলাে তেন্তে কৰনাৰ সংক্রমণ নিশ্চিতভাৱে দেশত হ্রাস পাব। ইয়াৰ অন্যথা ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌৰ উৎসৱৰ বতৰতে অর্থাৎ অহা ছয়-আঠ সপ্তাহৰ ভিতৰত আগমন ঘটাৰ যথেষ্ট শংকা আছে।

Exit mobile version