নুমলীগড়ত হাতে-হাতে দা-কটাৰী লৈ ওলাই আহিল এদল মহিলা

বন্যহস্তী পৰা ৰক্ষা পাবলৈ নুমলীগড়ৰ এদল মহিলাই হাতে-হাতে দা, কটাৰী, কুৰ লৈ ওলাই আহিল হাবি-জংঘল চাফা কৰিবলৈ । কিয়নো নুমলীগড়ত ভয়াবহভাৱে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত লগতে বন্যপ্ৰাণীৰ মুক্ত বিচৰণ । দৈনিক ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত ।

যোৱা এটা মাহত প্ৰায় ৫০ টা পৰিয়াল বন্যহস্তীৰ আক্ৰমণত গৃহহীন হোৱাৰ বিপৰীতে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ১০ জন লোকে । বিশেষকৈ নুমলীগড়ৰ বগীধলা, বকিয়াল অঞ্চলত দিনে-নিশাই বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ।

বিগত বহুদিন ধৰি বগীধলা চাহ বাগিচাখন মালিক পক্ষই শ্ৰমিকলৈ গুলী চালনা কৰাৰ কাৰণত বন্ধ হৈ আছে । যাৰ ফলত এতিয়া এখন বৃহৎ জংঘললৈ পৰ্যবসিত হৈছে বাগিচাখন । সেয়ে বনাঞ্চলৰ পৰা বন্যহস্তীৰ লগতে আন আন বন্যপ্ৰাণীসমূহে ওলাই আহি আশ্ৰয় লয় বাগিচাখনত আৰু সন্ধিয়া হ’লেই কাষৰীয়া অঞ্চলসমূহত হাতীৰ লগতে নাহৰফুটুকী বাঘ আদিয়ে ত্ৰাস চলায় টোপনি হৰিছে গাঁওসমূহৰ ।

সেয়ে এতিয়া উপায়ন্তৰ হৈ এনেদৰে এইসকল মহিলাই হাতে-হাতে দা, কটাৰী, কুৰ লৈ ওলাই আহি এফালৰ পৰা কাটি মুকলি কৰিছে চাহ বাগিচাৰ জংঘলসমূহ ।

Exit mobile version