পুৰণি এক টকীয়া নোট থাকিলেই লাভ কৰিব হেজাৰ হেজাৰ টকা, জানক কেনেদৰে ?

974215 one rupee note

এক টকাৰ নোট সম্প্ৰতি প্রায় অচল। বাছ-ট্রাম-ট্রেনত এই নোট নচলে বুলিয়েই ক’ব পাৰি । কিন্তু প্রায় বাতিল সেই এক টকাৰ নোটেই আপোনাৰ বাবে হৈ পৰিব পাৰে ‘লটাৰীৰ টিকিট’ । সেই নোটৰ বিনিময়ত লাভ কৰিব পাৰে প্রচুৰ টকা । ভাৰতীয় মুদ্রাৰ বজাৰত ব্যাপক চাহিদা এই নোটৰ । কিন্তু যিকোনো এক টকাৰ নোটৰ বিনিময়ত লক্ষ্মীলাভ সম্ভৱ নহয়‌ । থাকিব লাগিব বিশেষ কিছু গুণাৱলী । কি সেই বিশেষত্ব ?

মূলতঃ তিনিটা বিশেষত্ব থাকিব লাগিব নোটত । তেতিয়াহে লাভ কৰিব ৪৫ হেজাৰ টকা । মাৰফত সূত্ৰে এই খবৰ ।

নোটটো ইছ্যু কৰিব আৰবিআই-য়ে । নোটটো হ’ব লাগিব ১৯৫৭ৰ । প্রাক্তন মুখ্য সচিব তথা বিত্ত সচিব এইছ এম পেটেলৰ স্বাক্ষৰ থাকিব লাগিব ।

নোটৰ ছিৰিয়েল নম্বৰ হ’ব লাগিব ১২৩৪৫৬ । সমগ্ৰ প্ৰক্ৰিয়াটো হ’ব অনলাইনতেই সেয়ে আপুনি ক’লৈকো যোৱাৰ প্ৰয়োজন নাই । ঘৰত থাকিয়েই লাখপতি হ’ব পাৰিব । উদাহৰণস্বৰূপে, ‘ক‌ইন বজাৰৰ দৰে অনলাইন প্লেটফর্ম’ৰ কথাকে ক’ব পাৰি । এই ৱেবছাইটৰ ‘শ্বপ’ জ’নত নোটটো পোৱা ‘দুর্লভ’ বুলি উল্লেখ কৰা হৈছে । এই ৱেবছাইটৰ মাধ্যমেই বিক্রী কৰিব পাৰিব নোটটো । জানি ল‌ওক কি কৰিব লাগিব ।

প্রথমে ‘ছেলাৰ’ হিচাপে নিজৰ নাম নথিভুক্ত কৰিব । একাউন্ট তৈয়াৰ হৈ গ’লে পুৰণি এক টকাৰ নোটটো আপলোড কৰি দিব । ইয়াৰ পাছত আপুনি লাইভ হ’লে আগ্রহী ক্রেতাসকলে নিজেই আপোনাৰ লগত যোগাযোগ কৰিব । আপুনি আপোনাৰ মতে এন্টিক মূল্যৰ নোটটো বিক্রী কৰিব পাৰিবেশ । তদুপৰি ক্লিকইণ্ডিয়া প’র্টেলৰ জৰিয়তে হোৱাটছ‌এপটো আপুনি বিক্ৰী কৰিব পাৰিব এক টকাৰ নোটটো ।

ইয়াৰ উপৰি, ১,২,৫,১০,২০, ৫০, ১০০, ২০০, ৫০০, ২০০০ টকাৰ নোটত ৭৮৬ নম্বৰ থাকিলে সেইবোৰ অধিক মূল্যত বিক্ৰী কৰিব পাৰিব । অৱশ্যে এই ক্ষেত্রত লক্ষ্য ৰাখিব লাগিব জালিয়াতসকলেও কিন্তু এনে ধৰণৰ ছাইটত থাকে । বহু সময়ত জালি পুৰণা নোট আৰু ক‌ইনৰ ছবি আপলোড কৰি ধন লাভ কৰে তেওঁলোকে । অসাৱধান হ’লেই বিপদ । সেয়ে সাৱধান হৈ থকাই শ্ৰেষ্ঠ । এই বিষয়ত সতর্ক কৰিছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই । সেয়ে নোট বিক্রীৰ সময়ত সতর্ক থাকিব ‌লাগিব ।

Exit mobile version