বিশালৰ ছবিত তাবু !

823919 tabu 051619

পুনৰ বিশাল ভৰদ্বাজৰ ছবিত অভিনয় কৰিব অভিনেত্রী তাবুৱে। ইয়াৰ পূর্বে প্রতিভাৱান অভিনেত্রীগৰাকীয়ে বিশালে পৰিচালনা কৰা ‘মকবুল’ আৰু ‘হায়দৰ’ ছবিত অভিনয় কৰিছিল।

ADVERTISEMENT

এইবাৰ তেওঁ এক নৌফ্লিক্স প্রজেক্টৰ প্রজেক্টত পৰিচালকজনৰ স’তে যুটি বান্ধিব। লেখক অমৰ ভূষণৰ‘এছকেপ টু ন’হােৱেৰ নামৰ গ্রন্থখনৰ অৱলম্বনত এখন থ্রীলাৰ ছবি নির্মাণ কৰিব বিশালে।

ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ এগৰাকী উচ্চ পদস্থ বিষয়া নিৰুদ্দেশ হয়। তীক্ষ দৃষ্টিত ৰখা সত্ত্বেও বিষয়াজন কেনেকৈ নিৰুদ্দেশ হ’ল, তাক কেন্দ্ৰ কৰিয়ে ছবিখন নির্মাণ কৰা হ’ব।

ছবিৰ প্রধান চৰিত্ৰত অভিনয় কৰিব তাবুৱে। ইতিমধ্যে তেওঁ চুক্তিত স্বাক্ষৰ কৰিছে। মুছৌৰীত ছবিখনৰ চিত্রগ্রহণ হ’ব। এই থ্রীলাৰখনৰ আন গুৰুত্বপূর্ণ চৰিত্ৰত অভিনয় কৰিছে ৱামিকা গাব্বি, আশিস বিদ্যার্থী আদিয়ে।

প্রতিভাবান অভিনেতা আলী ফজলেও অভিনয় কৰাৰ কথা আছে। উল্লেখ্য যে বিশালৰ পুত্ৰ আছমান ভৰদ্বাজ ছবি ‘কুত্তে’তাে তাবুৱে অভিনয় কৰিছে।

Exit mobile version