Aryan Khan : মাদক দ্ৰব্যৰ কাণ্ডত গ্ৰেপ্তাৰ শ্বাহৰুখৰ পুত্ৰ আৰিয়ান

aryan khan

শনিবাৰে নিশাৰ পৰাই মাদক কাণ্ডত এনচিবি কাৰ্যালয়ত আটক কৰা হৈছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক। দেওবাৰে পুৱালৈকে অব্যাহত আছে জেৰা ।

ADVERTISEMENT

শনিবাৰে নিশাৰ পৰাই প্ৰকাশত অহা নাই অভিনেতা শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খন।

শনিবাৰে নিশা এনচিবিয়ে শ্বাহৰুখৰ পুত্ৰক কৰ্ডেলিয়া ক্ৰুইজৰ নামৰ এখন জাহাৰত ড্ৰাগ পাৰ্টি কৰি থকাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে, সেই মাদক পাৰ্টিত ‘ভিভিআইপি’তালিকাৰ নাম থকাৰ বাবে কোনো প্ৰৱেশ মাচুল অবিহনে সেই পাৰ্টিত যোগদান কৰিছিল আৰিয়ানে।

এই কথা জেৰাত নিজেই স্বীকাৰ কৰিছে শ্বাহৰুখৰ পুত্ৰই। জেৰা শেষ হোৱাৰ পাছতহে গ্ৰেপ্তাৰ কৰা হয় আৰিয়ানক।

Exit mobile version