Cotton University : সােণালী সুদিনৰ স্মৃতি বিচাৰি ৯০ দশকৰ কটনিয়ানৰ পুনৰমিলনৰ পদক্ষেপ

151835 cotton university

কটন কলেজৰ সােণালী সুদিনৰ স্মৃতি সজীৱ কৰি তুলিবলৈ ৯০ দশকৰ কটনিয়ানসকলৰ এক পুনৰ মিলন অনুষ্ঠান আয়ােজন বাবে শনিবাৰে কলেজ চৌহদত মিলিত হয় কিছু সংখ্যক প্রাক্তন কটনিয়ান।

ৰাজ্যৰ বিভিন্ন কর্মক্ষেত্ৰত জড়িত এই কটনিয়ানসকলৰ উপস্থিতিত পুনৰমিলন অনুষ্ঠান সম্পর্কীয় এক প্ৰাৰম্ভিক আলােচনা হয়। ৯০ দশকৰ কটনিয়ান জয়দ্বীপ কলিতা, অমৰজ্যোতি ভূঞা, তপন কুমাৰ বৰা, কৰবী শইকীয়া কৰণ, ৰাজ হাজৰিকা, শান্তনু ভূঞা, চেমিম চুলতানা আহমেদ, দেৱজিৎ দাস, পৰাগ শ‍ইকীয়া, জগদীশ নাথ, কাঞ্চন কুমাৰ বৰাকে ধৰি কটনিয়ানসকলৰ উপস্থিতিত হােৱা এই আলােচনাত এখন তদর্থ কমিটী গঠন কৰা হয়।

ইয়াত উপস্থিত অমৰজ্যোতি ভূঞা, জগদীশ কলিতা, তপন কুমাৰ বৰা আদিয়ে কয় যে আজিৰ আলােচনা প্ৰাৰম্ভিক পর্যায়ৰহে।

পৰৱৰ্তী পৰ্যায়ত বিতংভাৱে বিষয়টো আগবঢ়াই নিয়া হ’ব। ইতিমধ্যে দেশে-বিদেশে বিয়পি থকা ৯০ দশকৰ কটনিয়ানসকলৰ স’তে যােগাযােগ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণৰ বিষয়ে আজি আলােচনা হয়।

তদুপৰি ১৯৯০ৰ পৰা ১৯৯৯ পর্যন্ত কটন কলেজৰ বিভিন্ন শ্রেণীত অধ্যয়ন কৰা ছাত্র-ছাত্রীসকলৰ নাম আদি সংগ্ৰহৰ বাবেও আলােচনা কৰা হয়। ইয়াৰ উপৰি সামাজিক মাধ্যমেৰে উক্ত সময়ছােৱাৰ কটনিয়ানসকলৰ ওচৰ চপাৰ বাবে শনিবাৰে উপস্থিত সকলে মত ব্যক্ত কৰে।

এই পুনৰ মিলন অনুষ্ঠানৰ জৰিয়তে যাতে সমাজ তথা সকলােৰে মৰমৰ পূৰ্বৰ কটন কলেজ তথা বর্তমানৰ কটন বিশ্ববিদ্যালয়লৈ কিছু অৱদান
আগবঢ়াব পাৰি সেই বিষয়ে কর্মসূচী প্রস্তুত কৰিব লাগে বুলিও উপস্থিত সকলে মতামত আগবঢ়ায়।

উল্লেখ্য যে ইতিমধ্যে এই পুনৰমিলনৰ আয়ােজনক লৈ বিপুল উৎসাহ পৰিলক্ষিত হৈছে। পুনৰমিলন অনুষ্ঠানৰ দিন পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব বুলি আলােচনাত ঐক্যমত পােষণ হয়। এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলােৰে সহায়- সহযােগ কামনা কৰা হৈছে।

Exit mobile version