ৰাজ্যত শীঘ্ৰে শতকৰ ঘৰ স্পৰ্শৰ দিশে পেট্ৰ’লৰ মূল্য

ছদিনত পেট্ৰ'লত ১.০২ ডিজেলত ১.০৭ টকা বৃদ্ধি

1085289 petrol

অতি শীঘ্ৰে সমগ্ৰ দেশত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ ন্যূনতম মূল্য এশ টকা হোৱাৰ সম্ভাৱনাই দেখা দিছে । ইতিমধ্যে দেশৰ কে’বাখনো ৰাজ্যত এই মূল্য‌ই এশ টকাৰ সীমা অতিক্ৰম কৰিছে । যিকেইখন ৰাজ্যত এতিয়াও সেই মূল্য‌ই এশ টকাৰ সীমা অতিক্ৰম কৰিছে । যিকেইখন ৰাজ্যত এতিয়াও সেই মূল্য‌ই শতকৰ সীমা স্পৰ্শ কৰা নাই সেইবোৰতো শীঘ্ৰে এশ টকা হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে ।

তাৰেই ইংগিত দি মাত্ৰ ছদিনৰ ভিতৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১.০২ টকা আৰু ডিজেলৰ ১.০৭ টকা বৃদ্ধি হয় । যোৱা ২৮ ছেপ্টেম্বৰত অসমৰ অধিকাংশ জিলাত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এই সময়ছোৱাত বৃদ্ধি হয় ৮৮.৯৮ টকাৰ পৰা ৯০.২৫ টকালৈ ।

উল্লেখ্য যে যোৱা এসপ্তাহৰ পৰা মাত্ৰ কেইদিনমানৰ বিৰতিত পুনৰ দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে । চৰকাৰৰ নিয়ন্ত্ৰণৰ পদক্ষেপেই এই ক্ষেত্ৰত নাই । বৰঞ্চ কৰৰ পৰিমাণহে চৰকাৰে ওভতগোৰে নাচি বৃদ্ধি কৰি গৈছে । ইতিমধ্যে দিল্লী, কলকাতা, মুম্বাই, চেন্নাই, বাংগালুৰু, ভূৱনেশ্বৰ, হাইদৰাবাদ, জয়পুৰ, পাটনা, তিৰুৱন্তপূৰম আদিত পেট্ৰ’লৰ মূল্য‌ই এশ টকাৰ সীমা কেতিয়াবাই পাৰ কৰিছে ।

Exit mobile version