Afghanistan Crisis : তালিবানৰ ডেৰমহীয়া শাসনত আফগানিস্তানত বৃদ্ধি পালে দাৰিদ্ৰ্য

khoresize

তালিবানৰ পুনৰ দখলৰ পাছত আফগানিস্তানৰ অৱস্থা প্ৰতিদিনে শোচনীয় হ’বলৈ ধৰিছে । জেহাদীৰ পুনৰ উত্থানৰ পাছত এতিয়া আফগানিস্তানত সৰহসংখ্যক নাগৰিকে দুবেলা দুমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে । তালিবানৰ পুনৰ আগমনত সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছে আফগান মহিলাসকল । দেশখনৰ মহিলাসকলে চৰম দুৰ্দশাৰ মাজত সম্প্ৰতি জীৱন যাপন কৰিছে । তালিবানৰ শাসনত মহিলাৰ স্থিতি অধিক প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে । পৰিস্থিতি ইমানেই ভয়াৱহ হৈছে যে এগৰাকী সৰ্বহাৰা আফগান মহিলাই দাৰিদ্ৰ্যৰ ফলত নিজৰ কন্যা সন্তানৰ চিকিৎসা কৰাব নোৱাৰি উপায়হীন হৈ নিজৰে নৱজাত সন্তানক বিক্ৰী কৰিব লগা হ’ল ।

বগলান প্ৰদেশত আশ্ৰয়হীন হোৱা উক্ত মহিলাগৰাকীয়ে নিজৰ ডেৰ বছৰীয়া সন্তানক ৩০ হেজাৰ আফগান মুদ্ৰাত অলপতে বিক্ৰী কৰিছিল । মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁৰ ১৩ বছৰীয়া কন্যা সন্তানৰ চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হৈছিল যদিও উপাৰ্জনৰ কোনো পথ নথকাত সেই ধন যোগাৰ কৰিবলৈ সফল হোৱা নাছিল । উপায়হীন হৈ মহিলাগৰাকীয়ে ৩০ হেজাৰ আফগান মুদ্ৰাৰ বিনিময়ত তেওঁৰ আন এটি ডেৰ বছৰীয়া সন্তানক আন ব্যক্তিৰ হাতত বিক্ৰী কৰি দিয়ে ।

কাবুলত সম্প্ৰতি তম্বুৰ তলত বাস কৰা আশ্ৰয়হীনা লেলুমাই প্ৰকাশ কৰা অনুসৰি, কেৱল তেৱেঁই নহয় সাম্প্ৰতিক পৰিস্থিতিত আফগানিস্তানত বহু দৰিদ্ৰ লোকে সন্তানক বিক্ৰী কৰিবলৈ বাধ্য হৈছে । কিয়নো তেওঁলোকৰ হাতত কোনো বিকল্প নাই । লেলুমাই লগতে কয় যে বিগত এবছৰ ধৰি তেওঁৰ স্বামী সন্ধানীন হৈ আছে আৰু তালিবানে মহিলাৰ বিৰুদ্ধে একাধিক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এতিয়া তেওঁ উপাৰ্জনৰ কোনো পথ উলিয়াব পৰা নাই । ইফালে, আশ্ৰয়হীন হোৱা বহু লোকে সম্প্ৰতি কাবুলত তম্বুৰ ঘৰ সাজি অস্থায়ীভাৱে আশ্ৰয় গ্ৰহণ কৰিছে ।

এইদৰে তম্বুত বাস কৰা বাসিন্দাসকলে স্থানীয় সংবাদ ‌মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, তেওঁলোকে আহাৰৰ অভাৱৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । ‘শৰণাৰ্থী মন্ত্ৰণালয়ৰ লোক ইয়ালৈ আহিছিল আৰু কিবা সমীক্ষা চলাইছিল । কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ সাহায্য আগবঢ়োৱা নাই । যদি বৰ্তমানৰ স্থিতি বাহাল থাকে তেন্তে তেওঁ অনাহাৰত মৰিব লাগিব ।’ সংবাদ মাধ্যমৰ আগত কাবুলত তম্বু সাজি বাস কৰা আন এগৰাকী আশ্ৰয়হীন মহিলা আয়েছাই এইদৰে কয় ।

আফগানিস্তানত আশ্ৰফ ঘানিৰ চৰকাৰৰ পতনৰ পাছত তালিবানে কাবুল দখল কৰাত আশ্ৰয়হীন হোৱা বৃহৎ সংখ্যক লোকে সম্প্ৰতি কাবুলত এইদৰে তম্বু সাজি বসবাস কৰিছে ।

Exit mobile version