Aryan Khan: জামিন নাপালে আৰিয়ান খানে আৰু তিনি দিন এনচিবিৰ জেৰাত থাকিব শ্বাহৰুখৰ পুত্ৰ

936997 aryan khan 1

জামিন নাপালে শ্বাহৰুখৰ পুত্ৰ আৰয়ানে।সাত অক্টোবৰৰ পৰ্যন্ত এনচিবিৰ জিম্মাত থাকিব লাগিব আৰিয়ান। আৰিয়ানৰ দুই সংগী ছেথ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ ক্ষেত্ৰতো একেই নিৰ্দেশ দিছে মুম্বাইৰ এছপ্ল্যানেড আদালতে ।

ADVERTISEMENT

শনিবাৰে নিশা কৰ্ডেলিয়া নামৰ এখন বিলাসী ক্ৰুজৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান আৰু তেওঁৰ সহযোগিক। তথ্য অনুসৰি আৰিয়ানে এনচিবিৰ জেৰাৰ অধীনত প্ৰথমতে ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰা নাছিল।

যদিও পাছত তেওঁ স্বীকাৰ কৰে । আৰিয়ানে জানিবলৈ দিয়া মতে, তেওঁ চাৰি বছৰধৰি ড্ৰাগছ সেৱন কৰি আহিছে। লণ্ডন,ডুবাইলৈগৈ ড্ৰাগছ সেৱন কৰিছিল আৰিয়ানে।এনচিবি বিষয়াসকলে আৰিয়ানৰ লেন্স কোটৰ পৰা ড্ৰাগছো জব্দ কৰিছে।

শ্বাহৰুখৰ পুত্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭, ৮ চি কে ধৰি কে’বাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। সোমবাৰে আদালতলৈ নিয়াৰ আগতে গ্ৰেপ্তাৰ কৰা তিনিজনৰ চিকিৎসা পৰীক্ষাও কৰা হৈছিল।

আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ খবৰ পাইয়ে মাজনিশা মান্নাত ত উপস্থিত হৈছে ছালমান খান । দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ যোৱাৰ কথা আছিল শ্বাহৰুখৰ।কিন্তু পুত্ৰক হঠাতে গ্ৰেপ্তাৰ কৰাৰ লগে লগে স্পেইনলৈ যোৱাৰ পৰিকল্পনা বাতিল কৰিছে।

Exit mobile version