Kangana Ranaut : হিমাচল প্ৰদেশৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে অভিনেত্ৰী কংগনাই

euchdtgo kangana

হিমাচল প্ৰদেশৰ মণ্ডিত অনুষ্ঠিত হ’ব লগা লোকসভাৰ উপ-নিৰ্বাচনত বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌটে প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে । এই সমষ্টিৰ বিজেপিৰ সাংসদ ৰামস্বৰূপ শৰ্মাৰ যোৱা মাৰ্চত মৃত্যু হৈছিল ।

মণ্ডি লোকসভা সমষ্টিৰ লগতে বিধানসভাৰ আন তিনিটা সমষ্টিটো অহা ৩০ অক্টোবৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বিজেপিৰ এক সূত্ৰ‌ই প্ৰকাশ কৰা অনুসৰি, দলৰ প্ৰাৰ্থী হিচাপে মণ্ডিত কংগনাই প্ৰতিদ্বন্দিতা কৰিব পাৰে । কংগনাই মণ্ডি জিলাৰ ভাম্বলা গাঁৱত বাস কৰে আৰু মনালিত তেওঁ বাসগৃহ নিৰ্মাণ কৰিছে ।

Exit mobile version