Pandora Papers : কৰ ফাঁকি দিছে শচীনে ! ভাৰতৰ ছয় নেতাৰো নাম অন্তৰ্ভুক্ত ‘পেণ্ডোৰা পেপার্ছ’-ত

sachin tendulkar 52 16287387964x3 1

কৰ ফাঁকিৰ তদন্তমূলক ৰিপ’র্টত ‘পেণ্ডোৰা পেপার্ছ’-ত অন্তৰ্ভুক্ত হ’ল শচীন তেণ্ডুলকাৰৰ নাম । তেওঁৰ লগতে ভাৰতৰ ছয় ৰাজনীতিবিদৰ নামো আছে সেই তালিকাত ।

বিদেশত একাউন্ট খুলি কৰ ফাঁকি দিয়াৰ অভিযোগত তাৰকা আৰু ৰাজনীতিবিদসকলৰ এখন তালিকা দেওবাৰে প্রকাশ কৰিছিল আন্তর্জাতিক তদন্তমূলক সাংবাদিকৰ এটা দলে । ৯১খন দেশৰ বিভিন্ন ৰাষ্ট্রনেতাৰ নামৰ স’তে সেই তালিকাত আছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ শচীনৰ নামো । যদিও শচীনৰ অধিবক্তাৰ দাবী, প্রাক্তন ভাৰত অধিনায়কৰ সমস্ত বিদেশী লেনদেন সম্পূর্ণ বৈধ । শচীনে বিদেশত যি যি বিনিয়োগ কৰে তাৰ সম্পূৰ্ণ হিচাপ কৰ কর্তৃপক্ষক দিয়া হৈছে ।

তদন্তমূলক সাংবাদিকৰ আন্তর্জাতিক সংগঠন আইচিআইজে-য়ে দেওবাৰে এই প্ৰতিবেদন প্রকাশ কৰিছে । কৰ দুর্নীতিৰ যি খতিয়ান প্রকাশ্যত আহিছে, তাত বিভিন্ন দেশৰ ৰাষ্ট্রনেতা, প্রাক্তন ৰাষ্ট্রনেতা আৰু প্রথম শাৰীৰ ৰাজনীতিবিদসকলৰ নাম সাঙুৰ খাই পৰিছে । তেওঁলোকৰ ভিতৰত জর্ডনৰ ৰজা, চেক প্রজাতন্ত্রৰ প্রধানমন্ত্রীৰ নামো আছে । ইয়াৰ উপৰি, পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ ঘনিষ্ঠ মহলৰ মন্ত্রী আৰু ৰাজনীতিবিসকলৰো নাম আছে । অৱশ্যে শচীনৰ নাম প্রকাশ্যত আহিলেও ভাৰতৰ আন ছয় ৰাজনীতিবিদৰ নাম প্রকাশ্যত অহা নাই ।

এই গোপন তদন্তত জড়িত হৈ আছিল বিশ্বৰ ছশজন তদন্তমূলক সাংবাদিক । বিশ্বৰ মুঠ ১৪টা আন্তর্জাতিক আর্থিক সংস্থাৰ পৰা এক কোটি ১৯ লাখ নথি প্রকাশ্যেত আনে এই তদন্তমূলক সাংবাদিকসকলে ।

Exit mobile version